জুন মাহৰ তৃতীয়টো শুকুৰবাৰে শ্ৰমিক হেল্পলাইনৰ ফোনটো আকৌ বাজি উঠিল।
“সহায় এটা লাগিছিল? আমাক মজুৰিৰ পইচা দিয়া নাই।”
ৰাজস্থানৰ ভিতৰতে কুশলগড়ৰ পৰা চুবুৰীৰ টেহচিল এটালৈ ৮০ জনীয়া শ্ৰমিকৰ দল এটা কাম কৰিবলৈ গৈছিল। টেলিকম ফাইবাৰ কেবল বহুওৱাৰ বাবে তেওঁলোকে দুমাহ ধৰি দুফুট বহল আৰু ছফুট দ নলা খান্দিছিল। কথা আছিল, তেওঁলোকে দৈৰ্ঘ্য হিচাপত যিমান মিটাৰ খান্দিব, সেইমতে মজুৰি পাব।
দুমাহ পিছত তেওঁলোকে যেতিয়া নিজৰ দেয় ধন বিচাৰিলে, ঠিকাদাৰে কাম ভাল নোহোৱা বুলি কৈ হিচাপ-নিকাচৰ খেল দেখুৱালে, শেষত ছলাহী কথাৰে মনাই ল’বলৈ চেষ্টা কৰিলে, “দেতা হুঁ, দেতা হুঁ (দি আছো, দি আছো)।” কিন্তু দিয়াৰ নামহে ল’লে। এনেকৈ সপ্তাহৰ পিছত সপ্তাহ বাগৰিল, তেওঁলোকে পাবলগীয়া ৭-৮ লাখ টকাৰ বাবে তেওঁলোকে অপেক্ষা কৰি থাকিল। শেষত গৈ তেওঁলোকে পুলিচৰ ওচৰলৈ যোৱাত তেওঁলোকক শ্ৰমিক হেল্পলাইন নম্বৰত ফোন কৰিবলৈ ক’লে।
শ্ৰমিকসকলে ফোন কৰাত “আমি তেওঁলোকৰ হাতত কিবা প্ৰমাণ আছে নেকি, বিচাৰিলো। ঠিকাদাৰৰ নাম আৰু ফোন নম্বৰ, আৰু উপস্থিতিৰ খতিয়ান বা ৰেজিষ্টাৰৰ ফটো আদি আছে যদি, সেয়াও বিচাৰিলো,” জিলা সদৰ বাঁচৱাৰাৰ এগৰাকী সমাজকৰ্মী কমলেশ শৰ্মাই কয়।
ভাগ্যে ডেকা শ্ৰমিক কেইজনমান ম’বাইল-ইণ্টাৰনেটৰ ওস্তাদ আছিল, সিহঁতে এই সকলো তথ্য দিয়াৰ উপৰিও ছাইটৰ ফটোও পঠিয়ালে আৰু তেওঁলোকৰ অভিযোগটো মজবুত হ’ল।



প্ৰব্ৰজিত শ্ৰমিকসকলে ৰাজস্থানৰ বাঁচৱাৰাত ফাইবাৰ কেবল বহুওৱাৰ বাবে নলা খন্দাৰ প্ৰমাণ হিচাপে স্ক্ৰীণশ্বট দিব পাৰিলে। এই ফটোবোৰেই তেওঁলোকক কামৰ বিনিময়ত পাবলগীয়া ৭-৮ লাখ টকাৰ দেনাখিনি পোৱাৰ বাবে যুঁজাত সহায় কৰিলে
বিড়ম্বনাৰ কথা যে দেশৰ আটাইতকৈ ডাঙৰ টেলিকম কোম্পানীৰ এটা, যাৰ উদ্দেশ্যই হৈছে ‘কানেক্টিং পিপল্’ - শ্ৰমিকৰ দলটোৱে সেইটো কোম্পানীৰ বাবে কেবল বহুওৱা নলা খান্দি আছিল।
শ্ৰমিকৰ সমস্যা আৰু আন বিভিন্ন বিষয়ক লৈ কাম কৰি অহা মুনাফা-অনাদায়ী সংস্থা আজীৱিকা ব্যুৰ’ত প্ৰকল্প প্ৰৱন্ধক হিচাপে কাম কৰা কমলেশে তেওঁলোকৰ অভিযোগৰ বাবে নথি-পত্ৰ আদি সাজু কৰিলে। তেওঁলোকৰ প্ৰচাৰ সামগ্ৰীসমূহত আজীৱিকা হেল্পলাইন নম্বৰ ১৮০০ ১৮০০ ৯৯৯ৰ উপৰিও ব্যুৰ’ৰ বিষয়া-বৰ্গৰ ফোন নম্বৰ আছে।
*****
বাঁচৱাৰাৰ শ্ৰমিকসকলৰ দৰে লাখ লাখ প্ৰব্ৰজিত শ্ৰমিকে কামৰ সন্ধানত তালৈ আহে। “কুশলগড়ত বহু প্ৰবাসী (প্ৰব্ৰজনকাৰী শ্ৰমিক) আছে,” জিলাখনৰ চুৰাদা গাঁৱৰ সৰপঞ্চ যোগা পিট্টাই কয়। “খেতি-বাতি কৰি আমি চলিব নোৱাৰা হৈছো।”
কম কম পৰিমাণৰ মাটি, জলসিঞ্চনৰ অভাৱ, কামৰ অভাৱ আৰু সামগ্ৰিক দৈন্যই এইখন জিলাৰ ভিল জনজাতিৰ লোকসকল, যাৰ জনসংখ্যা জিলাখনত ৯০ শতাংশ, তেওঁলোকৰ মাজত আৰ্থিক দৈন্যজনিত প্ৰব্ৰজনৰ হাৰ বঢ়াইছে। ইণ্টাৰনেচনেল ইনষ্টিটিউট ফৰ এনভাইৰ’মেণ্ট এণ্ড ডেভলপমেণ্টৰ ৱৰ্কিং পেপাৰ নামে গৱেষণাপত্ৰত উল্লেখ যে খৰাং, বানপানী আৰু উষ্মপ্ৰৱাহৰ দৰে তীব্ৰ জলবায়ু পৰিৱৰ্তনৰ ঘটনাই প্ৰব্ৰজনৰ হাৰ বঢ়ায়।
ব্যস্ততাভৰা কুশলগড় বাছ আস্থানৰ পৰা প্ৰায় ৪০ খন বাছ প্ৰতিদিনে প্ৰায় ৫০ৰ পৰা ১০০ গৰাকী যাত্ৰী কঢ়িয়াই নিয়ে। প্ৰায় সমান সংখ্যক বেচৰকাৰী বাছো আছে। চুৰাটলৈ এটা টিকটৰ দাম ৫০০ টকা আৰু কণ্ডাক্টৰজনে কয় যে তেওঁলোকে সৰু ল’ৰা-ছোৱালীৰ ভাৰা নলয়।
সুৰেশ মেইদাই ছিট এটা পাব বুলি সোনকালেই আহিল আৰু তেওঁৰ পত্নী তথা তিনি কণ কণ সন্তানৰ সৈতে চুৰাটৰ বাছত উঠে। তেওঁ নিজৰ বয়-বস্তুখিনি গাড়ীত তুলি দিবলৈ নামি যায়। বয়-বস্তু মানে পাঁচ কিলোগ্ৰাম আটা, কিছু বাচন-বৰ্তন আৰু কাপোৰ আদিৰে এটা ডাঙৰ বস্তা। সেইখিনি বাছৰ পিছফালে তুলি দি তেওঁ আকৌ বাছত উঠিছে।


বাওঁফালে: সুৰেশ মেইদাৰ ঘৰ খেড়দা গাঁৱত, তেওঁ কুশলগড় বাছ আস্থানৰ পৰা গুজৰাটৰ বিভিন্ন চহৰলৈ যায়, বছৰত ভালেকেইবাৰ প্ৰব্ৰজন কৰে। সোঁফালে: একেখন জিলাৰে চুৰাদা গাঁৱৰ সৰপঞ্চ যোগা পিট্টাই কয় যে আনকি শিক্ষিত যুৱকৰ বাবেও কামৰ অভাৱ ঘটিছে


কুশলগড়ৰ তিমেদা বাছ আস্থানৰ পৰা প্ৰতিদিনে প্ৰায় ১০-১২ খন বাছ গুজৰাটৰ চুৰাট আৰু ডাঙৰ চহৰবোৰলৈ কামৰ সন্ধানত যোৱা শ্ৰমিকসকলক পৰিয়ালসহিতে নাইবা পৰিয়াল অবিহনে লৈ যায়
“মই দিনে প্ৰায় ৩৫০ (টকা) উপাৰ্জন কৰোঁ,” ভিল আদিবাসী সম্প্ৰদায়ৰ শ্ৰমিকজনে পাৰিক কয়। তেওঁৰ পত্নীয়ে ২৫০-৩০০ টকা পায়। সুৰেশে আশা কৰিছে যে তেওঁলোকে তাত এমাহ বা দুমাহ থাকিব আৰু ঘৰলৈ ঘূৰি আহি দহ দিনমান থাকি আকৌ যাত্ৰা কৰিব। “মই যোৱা দহ বছৰ ধৰি এনেকৈ কাম কৰি আহিছো,” ২৮ বৰ্ষীয় সুৰেশে কয়। সুৰেশৰ দৰে শ্ৰমিকসকলে ডাঙৰ উৎসৱ যেনে ফাকুৱা, দেৱালী আৰু ৰক্ষা বন্ধন আদিতহে ঘৰলৈ আহে।
ৰাজস্থানত বহিঃৰাজ্যলৈ ওলাই যোৱা শ্ৰমিকৰ সংখ্যা অধিক, বেছি মানুহ প্ৰব্ৰজনকাৰী হিচাপে সোমোৱাতকৈ ওলাই যায়। সেইখন ৰাজ্যৰ বাদে উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পৰা আটাইতকৈ বেছি শ্ৰমিকে কামৰ সন্ধানত প্ৰব্ৰজন কৰে। “কৃষি একমাত্ৰ উপায়, কিন্তু সেয়া এবাৰহে বছৰত, বাৰিষা পৰাৰ পিছত কৰা হয়,” কুশলগড় টেহচিল অফিছৰ এগৰাকী বিষয়া ভি.এছ. ৰাথোড়ে কয়।
সকলোৱে বেছিদিনৰ কাম বিচাৰে, য’ত প্ৰব্ৰজনৰ গোটেইখিনি সময় এজন ঠিকাদাৰৰ তলতেই কাম কৰিব পাৰি। ৰোকড়ি বা দেহাড়ি য’ত মাণ্ডি (শ্ৰমিকৰ বজাৰ)ত প্ৰতিদিনে পুৱা থিয় হৈ কামৰ অপেক্ষা কৰিব লাগে, তেনে কামতকৈ এনে কাম সুস্থিৰ।
যোগাজীয়ে তেওঁৰ আটাইকেইটা সন্তানকে শিক্ষিত কৰিছে, কিন্তু “য়হা বেৰোজগাৰি জ্যাদা হ্যে। পঢ়ে-লিখে লোগৌ কে লিয়ে ভি নৌকৰি নহী (এইখন ঠাই নিবনুৱা সমস্যাৰে জৰ্জৰ। পঢ়া-শুনা থকাজনৰ বাবেও চাকৰিৰ অভাৱ)।”
প্ৰব্ৰজনৰ বাদে গত্যন্তৰ নাই।
ৰাজস্থানত বহিঃৰাজ্যলৈ ওলাই যোৱা শ্ৰমিকৰ সংখ্যা অধিক, বেছি মানুহ প্ৰব্ৰজনকাৰী হিচাপে সোমোৱাতকৈ ওলাই যায়। সেইখন ৰাজ্যৰ বাদে উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পৰা আটাইতকৈ বেছি শ্ৰমিকে কামৰ সন্ধানত প্ৰব্ৰজন কৰে
*****
মাৰিয়াই ঘৰ এৰি কামলৈ ওলালে মিট্টা কা তাৱা (মাটিৰ তাৱা) এখন লগত লৈ যায়। তেওঁৰ বয়-বস্তুৰ ভিতৰত সিটো গুৰুত্বপূৰ্ণ। মাকৈৰ ৰুটি মাটিৰ সেই তাৱাখনত বনাবলৈ ভাল, খৰিৰ জুইত মাটিৰ তাৱাখনত ৰুটি সেকিলে সেয়া পোৰা নায়ায। কেনেকৈ ৰুটি সেকে, তেওঁ সেয়া দেখুৱাইও দিয়ে।
মাৰিয়া আৰু তেওঁৰ গিৰীয়েক পাৰু দামোৰ লাখ লাখ ভিল আদিবাসীসকলৰ মাজৰ এহাল, তেওঁলোকে কামৰ সন্ধানত ৰাজস্থানৰ বাঁচৱাৰাৰ পৰা চুৰাট, আহমেদাবাদ, বাপি আৰু গুজৰাটৰ আন চহৰলৈ ওলাই যায়, লগতে চুবুৰীয়া ৰাজ্যলৈকো যায়। “মনৰেগাৰ পইচা পাবলৈ বহুত সময় লাগে, সেইখিনি পৰ্য্যাপ্তও নহয়,” ১০০ দিনৰ কাম দিয়া মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনিৰ প্ৰসংগত পাৰুয়ে কয়।
ত্ৰিশ বছৰীয়া মাৰিয়াই লগত ১০-১৫ কিলোগ্ৰামৰ মাকৈৰ আটাও লগত লৈ যায়। “আমি এইয়া খোৱাটো পছন্দ কৰোঁ,” বছৰত ন মাহলৈকে ঘৰৰ পৰা বাহিৰত থাকিবলগীয়া হোৱা তেওঁ আৰু তেওঁৰ পৰিয়ালটোৰ খাদ্যাভাসৰ বিষয়ে তেওঁ কয়। ডংগ্ৰা চোটাৰ ঘৰখনৰ পৰা দূৰত থাকিলে খাদ্যই তেওঁলোকৰ মনত সামান্য সন্তুষ্টি দিয়ে।
পৰিয়ালটোৰ ৩ৰ পৰা ১২ বছৰীয়া ছটা সন্তান আছে। তেওঁলোকৰ নিজৰ দুই একৰ খেতিমাটিত নিজে খোৱাৰ বাবে গমধান, চানা আৰু মাকৈৰ খেতি কৰে। “কামৰ বাবে প্ৰব্ৰজন নকৰিলে আমি মেনেজ (আৰ্থিক অৱস্থা) কৰিব নোৱাৰা হৈ যাও। ঘৰত মা-দেউতালৈ মই পইচা পঠিয়াব লাগে, জলসিঞ্চনৰ পইচা দিব লাগে, পশুধনৰ বাবে দানা কিনিব লাগে, পৰিয়ালৰ বাবে খাদ্যবস্তু…” পাৰুৱে নিজৰ খৰছবোৰ গাই যায়। “সেয়ে প্ৰব্ৰজন কৰিবলগীয়া হয়।”
আঠ বছৰ বয়সতে তেওঁ ডাঙৰ ভায়েক আৰু ভনীয়েকৰ লগত কামৰ বাবে প্ৰব্ৰজন কৰিবলগীয়া হৈছিল, কাৰণ আছিল চিকিৎসাৰ নামত পৰিয়ালটোৰ খৰছ হোৱা ৮০ হাজাৰ টকাৰ ধাৰ। “জাৰকালিৰ কথা। মই আহমেদাবাদলৈ গৈ দিনে ৬০ টকা উপাৰ্জন কৰিছিলো,” তেওঁ মনত পেলায়। ভায়েকহঁতৰ লগত থাকি তেওঁলোকে মিলি কৰা হাজিৰাৰ পইচাৰে পৰিয়ালৰ ঋণ শুজিব পাৰিছিল। “সহায় যে কৰিব পাৰিছিলো, সেইটো কাৰণে ভাল লাগিছিল,” তেওঁ যোগ দিয়ে। দুমাহ পিছত তেওঁ আকৌ গ’ল। বিগত ২৫ বছৰ ধৰি পাৰুৰ জীৱনটো কামৰ সন্ধানত ভ্ৰমি ফুৰোতে গৈছে, এতিয়া তেওঁৰ বয়স ত্ৰিছত সোমাইছে।


বাওঁফালে: মাৰিয়া পাৰুৱে তেওঁৰ গিৰীয়েক পাৰু দামোৰৰ সৈতে বিয়া হোৱাৰ পিছৰেপৰা ১৫ বছৰ ধৰি বছৰি প্ৰব্ৰজন কৰি আহিছে। বাঁচৱাৰা জিলাৰ ডংগ্ৰা চোটাত পৰিয়ালৰ সৈতে মাৰিয়া আৰু পাৰু
!['We can’t manage [finances] without migrating for work. I have to send money home to my parents, pay for irrigation water, buy fodder for cattle, food for the family…,' Paaru reels off his expenses. 'So, we have to migrate'](/media/images/06a-IMG_5339-PD-Migrantsdont_lose_that_num.max-1400x1120.jpg)
!['We can’t manage [finances] without migrating for work. I have to send money home to my parents, pay for irrigation water, buy fodder for cattle, food for the family…,' Paaru reels off his expenses. 'So, we have to migrate'](/media/images/06b-IMG_5298-PD-Migrantsdont_lose_that_num.max-1400x1120.jpg)
‘কামৰ বাবে প্ৰব্ৰজন নকৰিলে আমি মেনেজ (আৰ্থিক নাটনি) কৰিব নোৱাৰোঁ। মা-দেউতালৈ পইচা পঠিয়াব লাগে, জলসিঞ্চনৰ বাবে, পশুধনৰ দানা, পৰিয়ালৰ খাদ্যৰ বাবে...’ পাৰুৱে খৰছৰ তালিকাখন গাই যায়। ‘সেয়ে আমি প্ৰব্ৰজন কৰিবলগীয়া হয়’
*****
শেষত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে সৰহকৈ ধনৰ আশা কৰে। সেই ধনেৰে তেওঁলোকে ধাৰ পৰিশোধ কৰিব, সন্তানক স্কুলত পঠিয়াব আৰু ভোকৰ চাউলকঠাৰ ভাগ মিলাব। আজীৱিকাই চলোৱা শ্ৰমিক হেল্পলাইন নম্বৰত প্ৰাপ্য মজুৰি নিদিয়াৰ আইনী সমিধান বিচাৰি মাহে প্ৰায় ৫,০০০ লৈকে শ্ৰমিকৰ কল আহে।
“দিনহাজিৰা কৰা মানুহৰ লগত ঠিকাদাৰে কেতিয়াও লিখিত চুক্তি নকৰে, মুখে মুখেই হাজিৰাৰ দৰ ঠিক কৰে। শ্ৰমিকসকলক এজনৰ পৰা আনজন ঠিকাদাৰলৈ হস্তান্তৰ কৰা হয়,” বাঁচৱাৰাৰ পৰা বাহিৰলৈ যোৱা শ্ৰমিকৰ আদায় নিদিয়া দিনহাজিৰাৰ পৰিমাণে কোটি টকাৰ ঘাই চুইছে বুলি উল্লেখ কৰি কমলেশে কয়।
“তেওঁলোকৰ মূল ঠিকাদাৰ কোন, কাৰ কাৰণে তেওঁলোকে কাম কৰি আছে, সেয়া তেওঁলোকে কেতিয়াও গম নাপায়। সেয়ে প্ৰাপ্য মজুৰি নোপোৱা তথা মেৰপেচ লগা প্ৰক্ৰিয়া তেওঁলোকৰ বাবে খং-হতাশাভৰা কাৰবাৰ এটা হৈ পৰে,” তেওঁ কয়। নিজৰ কামৰ প্ৰকৃতিৰ বাবে প্ৰব্ৰজনকাৰী শ্ৰমিকৰ সৈতে হোৱা শোষণৰ পৰ্য্যবেক্ষণমূলক অৱলোকন কৰিবলৈ সুবিধা পোৱা কমলেশে কয়।
২০২৪ৰ ২০ জুনত ভিল আদিবাসী সম্প্ৰদায়ৰ ৪৫ বৰ্ষীয় ৰাজেশ দামোৰ আৰু আন দুজন শ্ৰমিকে বাঁচৱাৰাত থকা তেওঁৰ কাৰ্য্যালয়লৈ সহায় বিচাৰি আহে। সেই সময়ত ৰাজ্যখনত পাৰাস্তম্ভ মূধচত উঠিছিল। কিন্তু সেই শ্ৰমিককেইজন সিটো কাৰণত উচপিচাই থকা নাছিল। তেওঁলোকক কামত লগোৱা ঠিকাদাৰৰ পৰা ২,২৬,০০ হাজাৰ টকা পাবলগীয়া থকাত তেওঁলোকে কুশলগড় টেহচিলৰ আৰক্ষী থানাত উপস্থিত হৈছিল। অভিযোগ দাখিল কৰিবলৈ লওতে আৰক্ষীয়ে তেওঁলোকক অঞ্চলটোৰ প্ৰব্ৰজিত শ্ৰমিকৰ সমল কেন্দ্ৰ আজীৱিকাৰ শ্ৰমিক সহায়তা এবম সন্দৰ্ভ কেন্দ্ৰলৈ পঠিয়াই দিয়ে।
এপ্ৰিলত সুখৱাৰা পঞ্চায়তৰ ৰাজেশ আৰু ৫৫ গৰাকী শ্ৰমিকে ৬০০ কিলোমিটাৰ দূৰৰ গুজৰাটৰ মৰ্বিলৈ যায়। টাইল ফেক্টৰী এটাৰ নিৰ্মাণ ছাইটত তেওঁলোকক দিনহাজিৰা আৰু মিস্ত্ৰীৰ কামৰ বাবে নিয়া হৈছিল। দক্ষতা থকা শ্ৰমিকক দিনে ৭০০ টকা আৰু আন শ্ৰমিকসকলক গাইপতি দিনে ৪০০ টকা মজুৰিৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল।
এমাহ কাম কৰা পিছত “ঠিকাদাৰক আমি আমাৰ পাবলগীয়াখিনি বিচাৰিলো, কিন্তু তেওঁ ইটোৰ পিছত সিটো তাৰিখ দি থাকিল,” ৰাজেশে ফোনত পাৰিক কয়। ভিলি, ৱাংড়ি, মেৱাৰি, হিন্দী আৰু গুজৰাটী – পাঁচটা ভাষা ক’ব পৰাই ৰাজেশৰ সুবিধা হ’ল, মীমাংসাৰ সময়ত তেওঁ আগত থাকি কথা ক’লে। তেওঁলোকৰ প্ৰাপ্য মজুৰি দিয়াৰ দায়িত্বত থকা ঠিকাদাৰজন মধ্যপ্ৰদেশৰ ঝাবুৱাৰ আছিল, তেওঁ হিন্দীত কথা পাতিছিল। শ্ৰমিকে শেষত যিজন ঠিকাদাৰৰ লগত মজুৰি বিষয়ত কথা পাতি লাগে, বা তেনে সংক্ৰান্তত সমস্যা নিষ্পত্তি কৰিব লাগে, সেই ক্ষেত্ৰত ভাষা প্ৰায়ে অন্তৰায় হৈ পৰে। তাৰ লগত আকৌ ইটোৰ পিছত সিটো উপ-ঠিকাদাৰৰ শাৰী আছেই। মজুৰি দাবী কৰা শ্ৰমিকৰ ওপৰত ঠিকাদাৰে কোনো কোনো সময়ত হাতো তোলে।
৫৬ গৰাকী শ্ৰমিকে তেওঁলোকৰ বুজন পৰিমাণৰ প্ৰাপ্য মজুৰি বিচাৰি সপ্তাহৰ পিছত সপ্তাহ অপেক্ষা কৰিলে। তেওঁলোকৰ ঘৰৰ পৰা অনা খাদ্য শেষ হৈছিল আৰু বজাৰৰ পৰা কিনি আনি খাওতে উপাৰ্জনৰ পইচা খৰছ হ’বলৈ ধৰিছিল।

সুখৱাৰা পঞ্চায়তৰ চুবুৰীয়াৰ সৈতে ৰাজেশ দামোৰ (সোঁফালে বহি থকাগৰাকী)। তেওঁ ভিলি, ৱাংড়ি, মেৱাৰি, গুজৰাটী আৰু হিন্দী – এই পাঁচটা ভাষাত কথা পাতিব পাৰে, গুজৰাটৰ মৰ্বিত কাম কৰাৰ বিনিময়ত ঠিকাদাৰৰ পৰা পাবলগীয়া ২ লাখ টকাৰ মজুৰিৰ বিষয়টো নিষ্পত্তি কৰাত এইটোৱেই তেওঁক সহায় কৰিছিল
“তেওঁ তাৰিখ পিছুৱাব ধৰিলে – প্ৰথম ২০ তাৰিখ, তাৰপিছত ২৪ মে’, ৪ জুন...” আৰ্থিক দৈন্যত দিন কটোৱা ৰাজেশে কয়। “আমি তেওঁক প্ৰশ্ন কৰিলোঁ, ‘আমি কি খাম তেন্তে? ঘৰৰ পৰা ইমান দূৰত আছো।’ শেষত আমি অন্তিম ১০টা দিন কাম নকৰিলোঁ, ভাবিলো যে এনে কৰিলে তেওঁ আমাক প্ৰাপ্য মজুৰি দিবলৈ বাধ্য হ’ব।” তেওঁলোকক ২০ জুন চূড়ান্ত দিন বুলি কোৱা হৈছিল।
কিন্তু শেষত ৯ জুনৰ দিনা ৫৬ জনীয়া শ্ৰমিকৰ দলটোৱে কুশলগড়লৈ বাছেৰে যাত্ৰা কৰিলে। ২০ জুনৰ দিনা ৰাজেশে ঠিকাদাৰক ফোন কৰিলে, “তেওঁৰ ব্যৱহাৰ বৰ বেয়া আছিল আৰু দৰ-দাম কৰিবলৈ লৈছিল, মুখত গালিও ফুটিছিল।” তেতিয়া উপায়হীন হৈ ৰাজেশ আৰু আন শ্ৰমিকসকলে নিকটৱৰ্তী থানালৈ যাবলৈ বাধ্য হৈ পৰে।
ৰাজেশৰ ঘৰত ১০ বিঘা খেতিমাটি আছে, তাত তেওঁলোকৰ পৰিয়ালটোৱে ছ’য়াবিন, কপাহ আৰু গমধানৰ খেতি কৰে। গমধান তেওঁলোকে ঘৰত খাবলৈ খেতি কৰে। তেওঁৰ চাৰিওটা সন্তান স্কুল-কলেজত পঢ়ি আছে। কিন্তু এইবাৰ গ্ৰীষ্মকালত তেওঁলোকেও মাক-দেউতাকৰ লগত দিনহাজিৰাৰ কাম কৰিবলৈ ল’লে। “সিহঁতৰ স্কুল বন্ধ আছিল, সেয়ে ইয়ালৈ আহি কিছু টকা উপাৰ্জন কৰিব পাৰিব বুলি লগত লৈ আহিলো,” ৰাজেশে কয়। ঠিকাদাৰজনক শ্ৰম আদালতত তেওঁৰ বিৰুদ্ধে গোচৰ তৰিম বুলি ভাবুকি দিয়াৰ পিছত পৰিয়ালটোৱে মজুৰিখিনি পাব বুলি তেওঁ আশা কৰিছে।
শ্ৰম আদালতৰ কথা ক’লে আভুৱা ভাঁৰি থকা ঠিকাদাৰে তেওঁলোকৰ প্ৰতিশ্ৰুতি পালন কৰিবলৈ বাধ্য হৈ পৰে। কিন্তু তাৰবাবে শ্ৰমিকক গোচৰ তৰিবলৈ সহায়ৰ প্ৰয়োজন হয়। চুবুৰীয়া মধ্যপ্ৰদেশৰ আলিৰাজপুৰত ৰাস্তাৰ কাম কৰি থকা ১২ জনীয়া শ্ৰমিকৰ দল এটাক তিনিমাহৰ কামৰ পইচা ঠিকাদাৰে দিব খোজা নাছিল। ঠিকাদাৰজনে কাম ভাল হোৱা নাই বুলি কৈ তেওঁলোকৰ প্ৰাপ্য ৪-৫ লাখ টকা নিদিও বুলি কৈছিল।
“আমালৈ এটা ফোন আহিল যে তেওঁলোক মধ্যপ্ৰদেশত ফঁচি আছে আৰু ঠিকাদাৰে মজুৰি দিয়া নাই,” ব্যক্তিগত ফোনটোত প্ৰায়ে এনেকুৱা কল পোৱা টিনা গাৰাছিয়াই কয়। “শ্ৰমিকৰ মাজত আমাৰ নম্বৰটো বাগৰি ফুৰে,” বাঁচৱাৰা জিলাৰ আজীৱিকা লিভলিহুড ব্যুৰ’ৰ মুৰব্বীগৰাকীয়ে কয়।
এইবাৰ কিন্তু শ্ৰমিকসকলে কৰ্মস্থলী, উপস্থিতিৰ খতিয়ানৰ ফটো আৰু যাৰ বিৰুদ্ধে গোচৰ তৰিব লাগে, সেইজন ঠিকাদাৰৰ নাম আৰু ম’বাইল নম্বৰ দিব পৰা নাছিল।
ছমাহ পিছত ঠিকাদাৰজনে দুটা কিস্তিত মজুৰি পৰিশোধ কৰিলে। “তেওঁ নিজে ইয়ালৈ আহি (কুশলগড়লৈ) পইচাখিনি দিলে,” হাতত প্ৰাপ্য মজুৰি পৰাত সকাহ পোৱা শ্ৰমিকে কয়, অৱশ্যে তেওঁলোকে পলমকৈ পোৱা টকাৰ প্ৰাপ্য সুতখিনি নাপালে।


ফটোগ্ৰাফিক প্ৰমাণ, উপস্থিতিৰ খতিয়ানৰ প্ৰতিলিপি, নিয়োগকৰ্তাৰ সবিশেষ আদিৰ অভাৱত পাবলগীয়া মজুৰিৰ বাবে আৰক্ষী (বাওঁফালে) আৰু আইনৰ (সোঁফালে) সহায় লোৱাটো কুশলগড়ৰ শ্ৰমিকৰ বাবে কঠিন হৈ পৰে
“আমি প্ৰথমে বুজাবুজিলৈ অহাৰ চেষ্টা কৰোঁ,” কমলেশ শৰ্মাই কয়। “কিন্তু ঠিকাদাৰৰ সবিশেষ পালেহে এয়া সম্ভৱ।”
চুৰাটত বস্ত্ৰ উদ্যোগ এটাত কাম কৰিবলৈ যোৱা ২৫ জনীয়া শ্ৰমিকৰ দলটোৰ হাতত কোনো প্ৰমাণ নাছিল। “তেওঁলোকক ইজনৰ পৰা সিজন ঠিকাদাৰলৈ হস্তান্তৰ কৰা হৈছিল আৰু কাৰ বিৰুদ্ধে গোচৰ তৰিব সেয়া ঠিৰাং কৰিবলৈ ফোন নম্বৰ বা নাম নাছিল,” টীনাই কয়। “তেওঁলোকে দেখাত একেই ফেক্টৰিবোৰৰ মাজত তেওঁলোকে কোনটোত কাম কৰিছিল, সেয়া চিনি উলিয়াব পৰা নাছিল।”
পাবলগীয়া ৬ লাখ টকা নিদিয়াৰ উপৰি তেওঁলোকক হাৰাশাস্তি কৰাত তেওঁলোক বাঁচৱাৰাৰ কুশলগড় আৰু সজ্জনগড়ৰ গাঁৱলৈ উভতি আহে।
এনেধৰণৰ পৰিস্থিতিত সমাজকৰ্মী কমলেশে কানুন শিক্ষা (আইনী সাক্ষৰতা)ই সমাধান দিব পাৰে বুলি বিশ্বাস ৰাখে। বাঁচৱাৰা জিলাখন ৰাজ্যখনৰ সীমান্তত আছে আৰু তাৰপৰাই সৰ্বাধিক প্ৰব্ৰজন হয়। কুশলগড়, সজ্জনগড়, আম্বাপাৰা, ঘাটোল আৰু গংগাৰ তলাইৰ আশী শতাংশ পৰিয়ালত অতিকমেও এজন হ’লেও প্ৰব্ৰজনকাৰী শ্ৰমিক আছে, আজীৱিকাই চলোৱা সমীক্ষাৰ ডেটাই কয়।
কমলেশে আশা কৰে যে “নতুন প্ৰজন্মৰ শ্ৰমিকৰ ফোন আছে, নম্বৰ আৰু ফটো চেভ কৰিব পাৰে, সেয়ে ভবিষ্যতে মজুৰিৰ ধন আদায় নিদিয়া ঠিকাদাৰক ধৰিবলৈ আগতকৈ সুবিধা হ’ব।”
ঔদ্যোগিত বিবাদৰ অভিযোগ দাখিলৰ বাবে কেন্দ্ৰ চৰকাৰৰ সৰ্বভাৰতীয় পৰ্য্যায়ত সমাধান প’ৰ্টেল মুকলি কৰিছিল ২০২০ৰ ১৭ ছেপ্টেম্বৰত। ২০২২ৰ ছেপ্টেম্বৰত শ্ৰমিকৰ অভিযোগ দাখিলৰ বাবে এই প’ৰ্টেল উন্নীতকৰণ কৰা হয়। কিন্তু বাঁচৱাৰা, য’ত এই সুবিধাৰ অতিকৈ প্ৰয়োজন, তাতেই তেওঁলোকৰ কোনো অফিছ নাই।


বাঁচৱাৰা জিলাখন ৰাজ্যখনৰ সীমান্তত আছে আৰু তাৰপৰাই সৰ্বাধিক প্ৰব্ৰজন ঘটে। কুশলগড়, সজ্জনগড়, আম্বাপাৰা, ঘাটোল আৰু গংগাৰ তলাইৰ আশী শতাংশ পৰিয়ালত অতিকমেও এজন হ’লেও প্ৰব্ৰজনকাৰী শ্ৰমিক আছে, আজীৱিকাই চলোৱা সমীক্ষাৰ ডেটাই কয়
*****
মজুৰিৰ কথা-বতৰাত মহিলা প্ৰব্ৰজিত শ্ৰমিকে কোনো ভাগ নাপায়। তেওঁলোকৰ নিজা ফোনো নাথাকে আৰু তেওঁলোকৰ আশে-পাশে থকা পুৰুষৰ নিৰ্দেশতে কাম কৰে, মজুৰি লয়। মহিলাই নিজাকৈ ফোন লোৱাত গুৰুতৰ বাধা-নিষেধ আছে। ৰাজ্যখনত কংগ্ৰেছৰ অশোক গেহলটৰ নেতৃত্বত থকা আগৰ চৰকাৰখনে ৰাজ্যখনৰ ২৫ লাখ দৰিদ্ৰ মহিলাৰ বাবে ১৩ কোটি বিনামূলীয়া ফোন বিতৰণৰ কাৰ্য্যসূচী মুকলি কৰিছিল। গেহলটে ক্ষমতা হেৰুওৱাৰ আগলৈকে প্ৰায় ২৫ লাখ ফোন বিতৰণ কৰিছিল। প্ৰথম পৰ্য্যায়ত বিধবা আৰু প্ৰব্ৰজিত পৰিয়ালৰ দ্বাদশ শ্ৰেণীত পঢ়ি থকা কন্যাক ফোন দিয়া হৈছিল।
ভাৰতীয় জনতা পাৰ্টিৰ ভজন লাল শৰ্মাৰ চৰকাৰখনে “আঁচনিখনৰ সুফল পৰীক্ষা নকৰালৈকে” কাৰ্য্যসূচী বন্ধ ৰাখিছে। এয়া আছিল ক্ষমতালৈ অহাৰ এমাহ নৌহওতেই লোৱা সিদ্ধান্তবোৰৰ মাজৰ এটা। স্থানীয় লোকে কোৱা মতে আঁচনিখন পুনৰ প্ৰৱৰ্তনৰ সম্ভাৱনা নাই।
প্ৰায়ভাগ মহিলাই তেওঁলোকৰ উপাৰ্জনৰ ক্ষেত্ৰত সংগঠিত ৰূপ এটা ল’ব নোৱাৰাৰ বাবে তেওঁলোক নিয়মিত লিংগীয়, যৌন আতিশায্যৰ সন্মুখীন হয় আৰু বহুসময়ত পৰিয়ালে পৰিত্যাগ কৰে। পঢ়ক: বাঁচৱাৰাত বিয়াৰ নামত অমানুষিক অত্যাচাৰ আৰু কিশোৰী সৰবৰাহ
“মই ঘেঁহু জাৰি দিছিলো আৰু মাকৈৰ লগত তেওঁ সেই ঘেঁহু ৫-৬ কিলো লৈ গৈছিল। তেওঁ সেয়া লৈ গ’ল,” এতিয়া কুশলগড় ব্লকৰ চুৰাদা গাঁৱত মাকৰ ঘৰত থকা ভিল আদিবাসী সম্প্ৰদায়ৰ সংগীতাই কয়। তাই বিয়া হোৱাৰ পিছত গিৰীয়েকৰ লগত চুৰাটলৈ প্ৰব্ৰজন কৰিছিল।


তিনি সন্তানৰ সৈতে কুশলগড় ব্লকৰ চুৰাদা গাঁৱত সংগীতা। তেওঁক গিৰীয়েকে এৰি যোৱাৰ পিছৰেপৰা মাকৰ ঘৰতে আছে আৰু সন্তানকেইটাক খুওৱা-ধুওৱাত অপাৰগ হৈ পৰিছে


সংগীতাক জ্যোৎস্না দামোৰে তেওঁৰ গোচৰটো আৰক্ষী থানাত দাখিল কৰাত সহায় কৰিছে। সংগীতাৰ পিতৃয়ে জীয়েকক থানাত কৰা অভিযোগৰ ক্ষেত্ৰত সমৰ্থন কৰিছে। সৰপঞ্চ যোগাই (মুগা বৰণৰ পোচাকত) তেওঁক সংগ দিছে
“মই কনষ্ট্ৰাকছনৰ কামত সহায় কৰিছিলো,” তেওঁ মনত পেলায়। তেওঁৰ উপাৰ্জনখিনি গিৰীয়েকৰ হাতত দিয়া হৈছিল। “কথাটো মই সেইখিনিতে ভাল পোৱা নাছিলো।” দম্পতিহালৰ সাত, পাঁচ আৰু চাৰি বছৰ বয়সৰ তিনিটা সন্তান জন্ম পোৱাৰ পিছত তেওঁ কামলৈ যাবলৈ এৰিলে। “মই সন্তানকেইটাৰ আৰু ঘৰখনৰ যত্ন লোৱাত মন দিলো।”
এটা বছৰৰো বেছি সময় পাৰ হ’ল, তেওঁৰ গিৰীয়েকৰ দেখা-দেখি নাই। তেওঁৰ পৰা পইচাও পোৱা নাই। “তাত (গিৰীয়েকৰ ঘৰত) সন্তানকেইটাক খুৱাবলৈ একো নথকা অৱস্থা এটা হোৱাত মই মাৰ ঘৰলৈ গুছি আহিলো।”
শেষত, এইবছৰ জানুৱাৰীত (২০২৪) তেওঁ কুশলগড়ৰ থানাত গোচৰ দিবলৈ গ’ল। মহিলাৰ বিৰুদ্ধে নিষ্ঠুৰতা (গিৰীয়েক বা সম্পৰ্কীয়ৰ দ্বাৰা)ৰ ক্ষেত্ৰত ৰুজু হোৱা গোচৰৰ ফালৰ পৰা ৰাজস্থান দেশৰ ভিতৰত তৃতীয় স্থানত আছে, এয়া এয়া ৰাষ্ট্ৰীয় অপৰাধ লেখ ব্যুৰ’ (এনচিআৰবি)ৰ ২০২০ৰ তথ্য।
কুশলগড় আৰক্ষী থানাত আৰক্ষীয়েও এই কথা স্বীকাৰ কৰে যে অভিযোগ কৰা মহিলাৰ সংখ্যা বাঢ়িছে। কিন্তু বেছিভাগ অভিযোগেই তেওঁলোকৰ কাষ চাপিব পোৱাৰ আগতেই গাঁৱত সকলো সিদ্ধান্ত লোৱাৰ বাবে থকা কেৱল পুৰুষ সদস্যৰে গঠিত বাঞ্জাৰিয়া গোটৰ বৈঠকত সমাধান দিয়া হয়। আৰক্ষী অবিহনেই তেওঁলোকে সমস্যা সমাধান কৰাটো বিচাৰে। “বাঞ্জাৰিয়াসকলে দুয়োপক্ষৰ পৰা পইচা লয়,” তাৰে বাসিন্দা এগৰাকীয়ে কয়। “ন্যায় তাত মাত্ৰ একধৰণৰ ভাওহে। মহিলাই কেতিয়াও তেওঁলোকৰ প্ৰাপ্যখিনি নাপায়।”
সংগীতাৰ হতাশা বাঢ়িছেহে, কিয়নো সম্পৰ্কীয়সকলে কৈ আছে যে তেওঁৰ গিৰীয়েকে আন এজনী মহিলাৰ লগত আছে, যাক তেওঁ বিয়া কৰাব বিচাৰিছে। “মোৰ বেয়া লাগে যে মানুহটোৱে মোৰ সন্তানকেইটাৰ মনত আঘাত দিছে, এবছৰৰো অধিক হ’ল, সিহঁতক চাবলৈ অহা নাই। সিহঁতে সোধে, ‘তেওঁ ঢুকাইছে নেকি?’ মোৰ ডাঙৰটো ল’ৰাই তেওঁক গালি পাৰে আৰু কয়, ‘মা, যেতিয়া পুলিচে তেওঁক ধৰিব, তেতিয়া আপুনিও তেওঁক পিটিব!’” মুখত ইষৎ হাঁহিৰে সংগীতই কয়।
*****

প্ৰতি শনিবাৰে আবেলি মেনকা (নীলা জীনচ পিন্ধাগৰাকী)ৰ ওচৰলৈ চুবুৰীয়া গাঁৱৰ ছোৱালীবোৰ কাউন্সেলিঙৰ বাবে আহে
কুশলগড় ব্লকৰ খেৰপুৰৰ পৰিত্যক্ত পঞ্চায়ত অফিছত শনিবাৰে আবেলি ২৭ বৰ্ষীয় সমাজকৰ্মী মেনকা দামোৰে পাঁচখন পঞ্চায়তৰ কিশোৰীবোৰক পৰামৰ্শদান কৰিছে।
“তোমাৰ সপোন কি?” তেওঁক আগুৰি বৃত্তাকাৰে বহা ছোৱালীবোৰৰ মাজৰ ২০ বছৰীয়া কিশোৰীজনীক তেওঁ প্ৰশ্ন কৰে। সিহঁতবোৰ আটায়ে প্ৰব্ৰজনকাৰীৰ সন্তান, সিহঁত আটায়ে মাক-দেউতাকৰ লগত আহিছে, আকৌ আহিব। “সিহঁতে কয় যে সিহঁতক স্কুলত নাম লগাই দিলেও শেষত তেওঁলোকে প্ৰব্ৰজনেই কৰিব লাগিব,” কিশোৰীৰ বাবে কিশোৰী শ্ৰমিক কাৰ্য্যসূচী চলোৱা মেনকাই কয়।
তেওঁ সেইসকল কিশোৰীৰ বাবে প্ৰব্ৰজনৰ উৰ্ধত জীৱন এটা বিচাৰে। ৱাংড়ি আৰু হিন্দী ভাষাত সলাই সলাই কথা পাতি তেওঁ সিহঁতৰ চকুৰ আগত বিভিন্ন পেছাৰ কাৰ্ড দেখুৱাইছে – কেমেৰাপাৰ্ছন, ভাৰ উত্তোলক, পোছাক ডিজাইনাৰ, স্কেটব’ৰ্ডাৰ, শিক্ষক, অভিযন্তা। “তোমালোকে যি বিচাৰা, সেইটোৰ বাবে কাম কৰিব লাগিব,” উজলি উঠা কিশোৰীবোৰৰ মুখলৈ চাই তেওঁ কয়।
“প্ৰব্ৰজনেই একমাত্ৰ বিকল্প নহয়।”
অনুবাদ: পংকজ দাস