“গাত ৰং কৰাটো বৰ টান কাম হৈ পৰে। গোটেই ৰাতি সাৰে থাকিব লাগে (ৰং কৰা আৰু শুকুওৱাৰ বাবে),” প্ৰথমবাৰৰ বাবে গাত তেল ৰং লগাই থকা আয়ুস নায়কে কয়। “গোটেই গাটো পোৰে। যিমান পাৰি সোনকালে ৰংবোৰ শুকুৱাবলৈ যত্ন কৰোঁ,” ১৭ বৰ্ষীয় আয়ুসে কয়।
দুৰ্গোৎসৱ আৰু জন্মাষ্টমীৰ সময়ত আয়োজিত পিলি ভেশা (হুলি ভেশা নামেও জনা যায়)ৰ প্ৰস্তুতিৰ সময়ত গাত উজ্জ্বল ৰঙৰ পটি আকি বিশেষ লোকনৃত্য প্ৰদৰ্শনৰ বাবে প্ৰস্তুতি চলোৱা কৰ্ণাটকৰ উপকূলীয় অঞ্চলৰ চেঙেলীয়া ল’ৰা-ছোৱালীৰ মাজৰ আয়ুসো এজন। এইবিধ নৃত্য প্ৰদৰ্শনৰ সময়ত গুমগুমাই যোৱা টাচাৰ চেৱে চেৱে তেওঁলোকে বাঘৰ মুখা পিন্ধি নাচে আৰু গোঁজৰে।
উপকূলীয় কৰ্ণাটকৰ স্থানীয় টুলু ভাষাত পিলি মানে বাঘ আৰু ভেশা মানে প্ৰসাধন। “কাৰো পৰা একো শিকিবলগীয়া নহয়। এয়া আমাৰ তেজত আছে,” যোৱা ২২ বছৰ ধৰি পিলি ভেশা প্ৰদৰ্শন কৰি অহা বীৰেন্দ্ৰ শেট্টিগাৰে কয়। “টাচাৰ শব্দ আৰু পৰিৱেশটোৱে সৃষ্টি কৰা প্ৰবল শক্তিয়ে গাত জোৰ আনে আৰু আমি টাচাৰ তালে তালে নাচিবলৈ লওঁ,” তেওঁ কয়। ৩০ বৰ্ষীয় বীৰেন্দ্ৰই আমাজনৰ বিতৰক হিচাপে কাম কৰে আৰু গাঁৱৰ ল’ৰা-ছোৱালীক এই নৃত্যত ভাগ লোৱাৰ বাবে উৎসাহ যোগায়।
শিল্পীসকলে গোটেই গাত হালধীয়া আৰু মুগা পানীৰঙেৰে পটি বোলাই দেখাত বাঘ, নাহৰফুটুকী আৰু পেন্থাৰৰ দৰে ৰূপ ধৰে। আগতে ছাই, শিপা আৰু ভেঁকুৰ আদিৰ উজ্জ্বল ৰং গাত বোলাই তেওঁলোকে দেখাত বাঘৰ দৰে ৰূপ লৈ নাচিছিল।
আজিকালি এই নৃত্য অধিক জংগী হৈ পৰিছে আৰু বিভিন্ন দুঃসাহসিক ক্ৰীড়া-কৌশল যেনে পিছফালে আৰু আগফালে শূন্যতে ঘূৰি জাপ মৰা, মূৰত নাৰিকল ভঙা, জুইৰে খেল দেখুওৱা আদি এই নৃত্যৰ অংশ হৈ পৰিছে। এই নৃত্যৰ প্ৰস্তুতি আৰু প্ৰযোজনাত ডাঙৰে কৰিব নোৱাৰা হৈছে, সেয়ে সৰু ল’ৰা-ছোৱালীক এই পৰম্পৰা অব্যাহত ৰখাৰ দায়িত্ব দিছে।

দুৰ্গোৎসৱ আৰু জন্মাষ্টমীৰ সময়ত আয়োজিত পিলি ভেশা নৃত্যৰ বাবে উজ্জ্বল ৰঙৰ পটি আকি বিশেষ লোকনৃত্যৰ বাবে প্ৰস্তুতি চলোৱা কৰ্ণাটকৰ উপকূলীয় অঞ্চলৰ চেঙেলীয়া ল’ৰা-ছোৱালীৰ মাজৰ আয়ুস নায়ক এজন
এই পৰম্পৰাগত নৃত্যৰ প্ৰস্তুতি পৰিৱেশলৰ আগদিনাৰ পৰাই আৰম্ভ হয়। গাত আৰু মুখত ৰং বোলাবলৈ কেবাঘণ্টা লাগে আৰু সেয়া উৎসৱ শেষ নোহোৱালৈকে ৰাখিব লাগে। “প্ৰথমে বৰ টান যেন লাগে। কিন্তু টাচাৰ মাত শুনাৰ পিছত আপোনাৰ গা নিজে নাচিবলৈ ধৰে,” দ্বাদশ শ্ৰেণীত অধ্যয়নৰত আয়ুসে কয়।
টাচা (ঢোলজাতীয় এবিধ বাদ্য)ৰ তালৰ সৈতে মিলাকৈ মানুহে গাত পিলিৰ দৰে দেখাকৈ ৰং সানি লয় আৰু মানুহক মনোৰঞ্জন দিয়াৰ লগতে পৰম্পৰাবিধৰ প্ৰতি ভক্তিভাৱ ৰাখি নাচে। ল’ৰাবোৰে বাঘৰ দৰে দেখিবলৈ গোটেই গাত ৰহন সানে যদিও ছোৱালীবোৰে কেৱল মুখত ৰং সানে আৰু কপাহী কাপোৰেৰে চিলোৱা বাঘৰ কষ্টিউম পিন্ধি লয়। পিলি ভেশাত ছোৱালীৰ অংশগ্ৰহণ শেহতীয়াকৈ বাঢ়িছে।
এই নৃত্য পৰিৱেশন কৰা গোটক দৰ্শকে আগতে চাউল আৰু ধান আদি দিছিল। সেয়া উপকূলীয় কৰ্ণাটকত সততে উপজা ফচল। আজিকালি চাউলৰ ঠাই টকাই লৈছে। প্ৰতিটো গোটৰ নৃত্যশিল্পীয়ে গাইপতি দুদিনীয়া পৰিৱেশনৰ বাবদ ২,৫০০ মান টকা লয়। দুঃসাহসিক ক্ৰীড়া আৰু নৃত্য প্ৰদৰ্শন কৰাসকলে এই দুদিনীয়া উৎসৱত পৰিৱেশন কৰি অতিৰিক্ত ৬,০০০ টকা পায়। “ইমান মানুহে একেলগে পিলি ভেশা নাচি থকা দেখিলে আপোনাৰো গাটো নিজে নিজে নাচিবলৈ ধৰিব,” আয়ুসে কয়।
প্ৰদৰ্শনী সাধাৰণতে হাউছিং কলনিৰ কমিটিয়ে আয়োজন কৰে। আয়ুস আৰু তেওঁৰ লগৰীয়াবোৰ য়ুবা টাইগাৰ্চ মাঞ্চি গোটৰ সদস্য। এই গোটে গোটেই বছৰটোত উডুপিৰ মণিপালত অনুষ্ঠিত হোৱা পিলি ভেশা উৎসৱৰ পূঁজি যোগাৰ কৰে। এই উৎসৱ আয়োজনৰ বাবে ২ লাখৰো অধিক টকাৰ প্ৰয়োজন হয়। চিত্ৰশিল্পী আৰু নৃত্যশিল্পীক পইচা দিব লাগে। তেওঁলোকৰ যাতায়ত, খাদ্য, ৰং যোগান আৰু কষ্টিউম আদিৰো খৰছ তাৰ পৰাই আহে।
দৰ্শকক আনন্দ দিয়াটোৱে নৃত্যশিল্পীসকলৰ মূল উদ্দেশ্য যদিও এই শতিকা পুৰণি পৰম্পৰাৰ ক্ষেত্ৰত নিয়ম-নীতিখিনিও তেওঁলোকে মানি চলে যাতে সেয়া ভৱিষ্যতলৈ সংৰক্ষিত হৈ ৰয়। দিনটোৰ শেষত, “আমাৰ গা বহুত বিষায়, কিন্তু আমি মানুহক মনোৰঞ্জন যোগাই যাওঁ আৰু এই পৰম্পৰাক বচাই ৰাখো,” আয়ুসে কয়।

নৃত্য পৰিৱেশনৰ আগেয়ে ৰমজানে অশ্বিনীৰ গাত ৰং সানিছে । পেছাত এগৰাকী চিত্ৰকৰ ৰমজানে এই বতৰত নৃত্য পৰম্পৰাবিধৰ প্ৰতি এনেকৈ সহায় আগবঢ়াই আহিছে

বাওঁফালৰ পৰা সোঁফাললৈ ) নিখিল, কৃষ্ণ, ভূৱন আমিন আৰু সাগৰ পূজাৰীয়ে গাত বোলাবলৈ ৰৈ আছে, জয়াকৰ পূজাৰীয়ে এফালৰ পৰা ৰং দি গৈছে

(বাওঁফালৰ পৰা সোঁফাললৈ) শ্ৰেয়ান শেট্টি, আশ্লেষ ৰাজ আৰু কাৰ্তিক আচাৰ্য্যই প্ৰথমবাৰৰ ৰং শুকুৱালৈ অপেক্ষা কৰিছে । গাৰ আৰু মুখৰ ৰংবোৰ শুকাওতে কেবাঘণ্টা লাগে

নৃত্যশিল্পীয়ে তেল ৰঙেৰে গোটেই গাত হালধীয়া , বগা আৰু মুগা ৰঙৰ পটি আকি বাঘ, নাহৰফুটুকী, পেন্থাৰ আদিৰ ৰূপ লয় । আগতে ছাঁই , বোকা, শিপা, ভেঁকুৰ আদি ব্যৱহাৰ কৰি প্ৰাকৃতিক উপায়ে ৰং কৰা হৈছিল

পিলি ভেশা প্ৰদৰ্শনীৰ সময়ত নৃত্যশিল্পীসকলে হাতে ৰং কৰা বাঘৰ মুখা পিন্ধি গুঁজৰি নাচে

গাটো দেখাত বাঘৰ ছালৰ দৰে হৈ পৰিবলৈ তেল ৰং কৰাৰ পিছত তাত ভেড়াৰ নোম ছটিয়াই দিয়া হয়

সন্দেশ শেট্টিয়ে প্ৰদৰ্শনীৰ আগেয়ে অশ্বিত পূজাৰীৰ গাত ৰং কৰিছে । অশ্বিত আৰু তেওঁৰ লগৰীয়াসকল য়ুবা টাইগাৰ্চ মাঞ্চি গোটৰ সদস্য ; এই গোটে গোটেই বছৰটো উডুপিৰ মণিপালত পিলি ভেশা অনুষ্ঠান পৰিৱেশন কৰে

এই লোকনৃত্যৰ বাবে প্ৰসাধন সনাটোক টুলু ভাষাত ভেশা বুলি কোৱা হয় । উৎসৱ শেষ নোহোৱালৈকে তেওঁলোকে গাৰ পৰা ৰং আঁতৰাই নেপেলায়

ভূৱন আমিনে ফেনৰ বতাহত গাৰ ৰং শুকুৱাইছে । ‘পিলি ভেশাত এয়া অষ্টম বাৰৰ বাবে পৰিৱেশন কৰিবলৈ ওলাইছো,’ তিনি বছৰ বয়সৰ পৰাই লোকনৃত্যবিধ প্ৰদৰ্শনত ভাগ লৈ অহা ১১ বৰ্ষীয় ভূৱনে কয়

দীঘলীয়া বগা কাপোৰ (টুলু ভাষাত নাম জাট্টি) কঁকালত গাঁঠি লেংটি মাৰি লোৱা হয়, এই কৌপীনে প্ৰদৰ্শনীৰ সময়ত ভাৰসাম্য ৰখা আৰু গাত জোৰ পোৱা সহায় কৰে । তাৰোপৰি দুঃসাহসিক নৃত্য -কৌশল প্ৰদৰ্শনৰ সময়ত কষ্টিউম ঠিকে ৰখাতো ই সহায় কৰে

অভিনৱ শেট্টিয়ে এই প্ৰদৰ্শনত প্ৰথমবাৰৰ বাবে ভাগ লৈছে । অনুষ্ঠান আৰম্ভ হোৱাৰ আগেয়ে মাকে তেওঁক আহাৰ খুৱাই দিছে

প্ৰদৰ্শনী আৰম্ভ হোৱাৰ পূৰ্বে ভনীয়েকৰ সৈতে অভিনৱে ফটো উঠিছে

(বাওঁফালৰ পৰা সোঁফাললৈ) সাগৰ পূজাৰী, ৰঞ্জিত হৰিহৰপুৰা, বিশাল আৰু নবীন নিতুৰে নৃত্য প্ৰদৰ্শনৰ বাবে সাজু হৈছে

প্ৰথমবাৰৰ বাবে প্ৰদৰ্শনীৰ বাবে সাজু হোৱা আমিনে গাত তেল ৰং বোলাইছে। আন নৃত্যশিল্পীসকল বয়সত সৰু হ ’লেও অভিজ্ঞ, প্ৰদৰ্শনী আৰম্ভ হোৱাৰ আগেয়ে তেওঁলোকে আমিনক পৰামৰ্শ দিছে

য়ুবা টাইগাৰ্চ মাঞ্চি গোটটোৱে ফটোৰ বাবে প ’জ দিছে – বাঘ-নৃত্যৰ কৌশল প্ৰদৰ্শনৰ বাবে তেওঁলোক সাজু

বাঘৰ বেশত প্ৰাজ্জ্বল আচাৰ্য্যই তেওঁৰ দুঃসাহসিক ক্ৰীড়া -কৌশল দেখুৱাইছে । আজিকালি এই পৰম্পৰাগত নৃত্যত দুঃসাহসিক ক্ৰীড়া -কৌশলৰ প্ৰদৰ্শনে অধিক ঠাই পাইছে

এই চমৎকাৰী ক্ৰীড়া -কৌশলত শূন্যতে আগফালে-পিছফালে জপিওৱা, মূৰত নাৰিকল ভঙা, জুইৰ খেলা আদি অন্তৰ্ভূক্ত

এনে নৃত্যৰ প্ৰযোজনা আজিকালি ডাঙৰবোৰে কৰিব নোৱাৰা হ ’ল, সেয়ে সৰু ল’ৰা-ছোৱালীক এই পৰম্পৰাগত নৃত্য প্ৰদৰ্শনৰ দায়িত্ব দিয়া হৈছে

গাত বাঘৰ ছালৰ দৰে তেল ৰঙৰ পটি অঁকা নৃত্যশিল্পীয়ে টাচা (এবিধ ঢোলৰ দৰে ঘাতবাদ্য)ৰ তালে তালে নাচি দৰ্শকক মনোৰঞ্জন দিয়ে আৰু কলাবিধৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰে

আগতে প্ৰদৰ্শনকাৰীক চাউল আৰু ধান দিয়া হৈছিল - কৰ্ণাটকৰ উপকূলীয় অঞ্চলত কৰা খেতিৰ ধান বা চাউল ; আজিকালি ধানৰ ঠাইত পইচা দিয়া হয়

প্ৰতিগৰাকী নৃত্যশিল্পীয়ে দুদিনৰ বাবে প্ৰায় ২ ,৫০০ টকা পায় । দুঃসাহসিক ক্ৰীড়া -কৌশল প্ৰদৰ্শন কৰাসকলে অতিৰিক্ত ৬,০০০ টকা লাভ কৰে

সন্দেশৰ আইতাক কমলা শেট্টি আৰু মাতৃ বিজয়া শেট্টিয়ে সন্দেশৰ নৃত্য প্ৰদৰ্শন দেখি হাততালি দি উৎসাহ যোগাইছে । সন্দেশ এগৰাকী আলোকচিত্ৰ শিল্পী আৰু চিত্ৰকৰ । ‘যোৱা চাৰিটা বছৰ ধৰি মই পিলি ভেশা প্ৰদৰ্শন কৰি আহিছো আৰু ভৱিষ্যতেও কৰি যাম,’ ২১ বৰ্ষীয় সন্দেশে কয়

বীৰেন্দৰ শেট্টিগাৰে বাঘৰ মুখা পিন্ধি লৈছে । বাঘৰ মুখা পিন্ধাজন নৃত্যশিল্পীৰ গোটটোৰ নেতৃত্বধাৰী বাঘটো হয়

বীৰেন্দ্ৰই যোৱা ২২ বছৰ ধৰি পিলি ভেশা প্ৰদৰ্শন কৰি আহিছে । ‘টাচাৰ মাত আৰু পৰিৱেশটোৱে দিয়া শক্তিয়ে আপোনাক নাচিবলৈ বাধ্য কৰিব,’ তেওঁ কয়

সৰুবোৰক কান্ধত লৈ গাঁৱৰ মানুহে টাচাৰ চেৱত নাচিছে

প্ৰদৰ্শনৰ প্ৰথমটো দৰ্শনী শেষ হোৱাৰ পিছত বীৰেন্দ্ৰই কাপোৰ সলাইছে । ৩০ বৰ্ষীয় বীৰেন্দ্ৰই আমাজনৰ বিতৰক হিচাপে কাম কৰে আৰু গাঁৱৰ ল ’ৰা-ছোৱালীক এই নৃত্যত ভাগ ল’বলৈ উৎসাহ যোগায়

দৰ্শকক মনোৰঞ্জন দিয়াই নৃত্যশিল্পীসকলৰ
ঘাই উদ্দেশ্য যদিও তেওঁলোকে এই পাৰম্পৰিক নৃত্যকলাবিধৰ নিয়ম
-নীতিখিনি মানি চলে যাতে সেয়া ভৱিষ্যতলৈ সংৰক্ষিত হৈ ৰয়
অনুবাদ: পংকজ দাস