গুণা কৰা কামত জামিল পাকৈত। ঘণ্টাৰ পিছত ঘণ্টা মাটিত ভৰি কোঁচাই বহি ২৭ বৰ্ষীয় জামিলে দামী দামী কাপোৰত গুণা খটুৱাই পোচাকৰ জেউতি চৰায়। কিন্তু বিশ বছৰ বয়সতে যক্ষ্মাই তেওঁৰ হাতৰ পৰা বেজী-সূতা কাঢ়ি নিলে। হাড়ৰ যক্ষ্মা হোৱা জামিলৰ হাড়বোৰ ইমানেই ঠুনুকা হৈ পৰিল যে দীঘলীয়া সময়ৰ বাবে বহি থকাটো তেওঁৰ বাবে কোনো কাৰণতে সম্ভৱপৰ হৈ নাথাকিল।
“এই বয়সত কাম মইহে কৰিব লাগে, মা-দেউতাহঁতে জিৰণি ল’ব লাগে। কিন্তু তাৰ সম্পূৰ্ণ বিপৰীত দৃশ্য আপুনি দেখিব। মোৰ চিকিৎসাৰ খৰছ উলিয়াবলৈ তেওঁলোকে কাম কৰিবলগীয়া হৈছে,” চিকিৎসাৰ বাবে কলকাতালৈ যাতায়াত কৰা হাওৰা জিলাৰ চেংগাইল এলেকাৰ ডেকাল’ৰাজনে কয়।
একেখন জিলাৰে অভিক আৰু তেওঁৰ পৰিয়াল হাওৰাৰ পিলখানা বস্তিত থাকে। কিশোৰ অভিকো হাড়ৰ যক্ষ্মাৰোগত আক্ৰান্ত। ২০২২ৰ মাজভাগত তেওঁ স্কুলৰ পৰা অব্যাহতি ল’বলগীয়া হৈছিল। তেওঁ আৰোগ্যৰ দিশে আগবাঢ়িছে যদিও স্কুললৈ যাব পৰা হোৱা নাই।
২০২২ত যেতিয়া এই প্ৰতিবেদন যুগুতাবলৈ আৰম্ভ কৰিছিলো, তেতিয়া প্ৰথমবাৰৰ বাবে মই জামিল, অভিক আৰু আন বহুতকে লগ পাইছিলো। পিলখানাৰ বস্তিৰ সিহঁতৰ ঘৰলৈ মই প্ৰায়ে গৈ থাকিছিলো, তেওঁলোকক দেখা কৰি প্ৰাত্যহিক জীৱনক জনাৰ আৰু ফটোৰে ধৰি ৰখাৰ চেষ্টা কৰিছিলো।
প্ৰাইভেট ক্লিনিকত দেখুৱাবলৈ সম্বল নথকা জামিল আৰু অভিকে হাওৰা আৰু দক্ষিণ ২৪ পৰগনা জিলাৰ গ্ৰামাঞ্চলৰ ৰোগীৰ সেৱাৰ্থে বেচৰকাৰী সংস্থা এটাই চলোৱা ভ্ৰাম্যমাণ টিবি ক্লিনিক এটালৈ স্বাস্থ্য-পৰীক্ষা কৰোৱাৰ বাবে আৰম্ভণিতে আহিছিল। কেৱল তেওঁলোকেই নহয়, আন বহুতেই আহিছিল।


বাওঁফালে : জামিলৰ যক্ষ্মাৰোগ হোৱাৰ ফলত তেওঁ দীঘলীয়া সময়ৰ বাবে বহি থাকিব নোৱাৰা হ ’ ল , ফলত কাপোৰত গুণা কৰা (সোণৰ)কাম তেওঁ এৰিবলগীয়াত পৰিল । সোঁফালে : হাড়ৰ যক্ষ্মাৰোগ হোৱা অভিকে খোজ কঢ়াত অক্ষম হৈ পৰিল , অৱশ্যে এতিয়া চিকিৎসাৰ ফলত তেওঁ ভালেখিনি সুস্থ হৈ উঠিছে । খোজকাঢ়িবলৈ পিতৃয়ে তেওঁক ৱাকিং ব্ৰেছ পিন্ধাত সহায় কৰি দিছে


হাওঁফাওঁৰ যক্ষ্মাৰোগ নিৰ্ণয়ৰ বাবে এক্স - ৰে হৈছে মূল উপায় । এক্স - ৰেখনৰ ৰিডিং চাই ডাক্তৰে খেকাৰৰ পৰীক্ষা দিব পাৰে । ২৪ বছৰীয়া ৰোগী এজনৰ এম . আৰ . আই . স্কেনত ( সোঁফালে ) ৰাজহাড়ৰ যক্ষ্মা ( পটছ ডিজিজ ) ৰ ফলত হাড়ত ফাট ( কম্প্ৰেছন ফ্ৰেক্সাৰ ) মেলিছে
“যক্ষ্মা আকৌ গা কৰি উঠিছে আৰু গুৰুতৰ জনস্বাস্থ্যজনিত সমস্যা হৈ পৰিছে,” ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সৰ্বেক্ষণ ২০১৯-২১ ( এন.এফ.এইছ.এছ.-৫ )ত এই কথা কোৱা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই ২০২৩ৰ নৱেম্বৰত প্ৰকাশিত যক্ষ্মাৰ প্ৰতিবেদনত উল্লেখ যে বিশ্বৰ মুঠ যক্ষ্মাৰোগৰ ঘটনাৰ ২৭ শতাংশই ভাৰতৰ।
দুজন ডাক্তৰ আৰু ১৫ জনীয়া নাৰ্ছৰ ভ্ৰাম্যমান দলটোৱে এদিনত প্ৰায় ১৫০ কিলোমিটাৰমান ঘূৰি চাৰি-পাঁচটা স্থান সাক্ষাৎ কৰিছিল। কলকাতা নাইবা হাওৰালৈ চিকিৎসাৰ বাবে যোৱাত অসমৰ্থজনক তেওঁলোকে সেৱা আগবঢ়াইছিল। ক্লিনিকলৈ আহিছিল দিনহাজিৰা কৰা, কনষ্ট্ৰাকছন ছাইটৰ কাম কৰা, শিল ভঙা, বিড়ি নুৰিওৱা শ্ৰমিক আৰু বাছ-ট্ৰাক আদিৰ চালকে।
ভ্ৰাম্যমান ক্লিনিকখনলৈ অহাসকলৰ মই কথা পতা আৰু ফটো তোলা প্ৰায়ভাগ ৰোগীয়ে গ্ৰামাঞ্চলৰ আৰু নগৰীয়া বস্তি অঞ্চলৰ।
ক’ভিডৰ সময়ত এই ক্লিনিকবোৰ আছিল বিশেষ সেৱা, যিবোৰ এতিয়া বন্ধ হৈ গ’ল। অভিকহঁতৰ দৰে যক্ষ্মাৰোগীয়ে এতিয়া হাওৰাৰ বানত্ৰা চেইণ্ট থমাচ হোম ৱেলফেয়াৰ ছ’চাইটিলৈ ফলো-আপৰ বাবে যায়। এই ডেকাল’ৰাজনৰ দৰে হাজিৰা-কামলা কৰি খোৱা উপান্ত শ্ৰেণীৰ আন বহুতেই এনেকৈ চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰ পৰিচালিত চিকিৎসালয়লৈ যাওতে দিনটো খতি যায়।
ৰোগীৰ সৈতে কথা পাতি জানিব পাৰিলো যে তেওঁলোকৰ সৰহসংখ্যকৰেই যক্ষ্মা সম্পৰ্কে জ্ঞান শূন্য - তাক লৈ ল’বলগীয়া সাবধানতা, চিকিৎসা আৰু যতনৰ কথা বাদেই। বহু সংক্ৰমিত ৰোগীয়ে আচুতীয়াকৈ থাকিব লাগে যদিও উপায় নাই হেতুকে একেটা কোঠাতে থাকে। একেলগে কাম কৰাসকলেও একেলগেই থাকে। “মই মোৰ সহকৰ্মীসকলৰ সৈতে একেলগে থাকো। তাৰে এজনৰ যক্ষ্মা আক্ৰান্ত, কিন্তু অকলশৰীয়াকৈ থাকিবলৈ পইচা নাই। সেয়ে একেটা কোঠাতে থাকো,” হাওৰাৰ মৰাপাটৰ ফেক্টৰি এটাত কাম কৰিবলৈ ১৩ বছৰ পূৰ্বে প্ৰব্ৰজন কৰা দক্ষিণ ২৪ পৰগনা জিলাৰ ৰোশন কুমাৰে কয়।
*****


‘ যক্ষ্মা আকৌ গা কৰি উঠিছে আৰু গুৰুতৰ জনস্বাস্থ্যজনিত সমস্যা হৈ পৰিছে , ’ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সৰ্বেক্ষণ ২০১৯ - ২১ ( এন . এফ . এইছ . এছ .- ৫ ) ত এই কথা কোৱা হৈছে । বিশ্বৰ মুঠ এনে ৰোগীৰ ২৭ শতাংশই ভাৰতত ধৰা পৰিছে । টিউবাৰকুলচ মেনিনজাইটিছ ( মস্তিষ্কাৱৰণৰ প্ৰদাহ ঘটা যক্ষ্মা ) ৰোগী এজনৰ চিকিৎসাৰ যোগেদি আৰোগ্যলাভৰ দিশে আগবাঢ়িছে । হাওঁফাওঁৰ যক্ষ্মাৰোগী এজনে ৱাকাৰ লৈ খোজ কাঢ়িছে ( সোঁফালে ) । চাৰিমাহৰ নিয়মীয়া চিকিৎসাৰ অন্তত এই তৰুণ ৰোগীজনে ৱাকাৰ লৈ খোজ কাঢ়িবপৰা হৈছে


ৰাখি শৰ্মাই ( বাওঁফালে ) তিনিবাৰকৈ যক্ষ্মাৰ সৈতে যুঁজিছে , কিন্তু পঢ়াক লৈ তেওঁ দৃঢ়প্ৰতিজ্ঞ । হাড়ৰ যক্ষ্মাৰ ফলত ভৰিত আলচাৰ হোৱা পুত্ৰক ( সোঁফালে ) মাকে লেগ গাৰ্ড পিন্ধাই দিছে
বিশ্বৰ শিশু যক্ষ্মাৰোগীৰ ২৮ শতাংশই ভাৰতৰ, কিশোৰ আৰু যক্ষ্মা শীৰ্ষক ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ২০২১ৰ প্ৰতিবেদনত এই কথা কোৱা হৈছে।
অভিকৰ যক্ষ্মাৰোগ ধৰা পৰোতে তেওঁ স্কুল এৰিবলগীয়া হ’ল। স্কুললৈ দূৰত্ব কম হ’লেও তেওঁ খোজকাঢ়ি যাব নোৱাৰা হ’ল। “মই মোৰ স্কুলখন আৰু লগৰীয়াবোৰক বৰ মিচ কৰোঁ। সিহঁত এতিয়া আগবাঢ়ি গ’ল, মোতকৈ এটা শ্ৰেণী ওপৰত। খেলা-ধূলাও মিচ কৰোঁ,” ১৬ বছৰীয়া অভিকে কয়।
ভাৰতত ১৪ বছৰ বয়স পৰ্য্যন্ত শিশুৰ ৩.৩৩ লাখ শিশু প্ৰতি বছৰে যক্ষ্মাৰোগত আক্ৰান্ত হয়, ছোৱালীতকৈ ল’ৰাৰ সংক্ৰমণৰ প্ৰৱণতা অধিক। “শিশুৰ ক্ষেত্ৰত যক্ষ্মাৰোগ ধৰা পেলোৱাটো কঠিন… লক্ষণবোৰ শিশুৰ ক্ষেত্ৰত দেখা দিয়া আন ৰোগৰ দৰেই…” ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ প্ৰতিবেদনত কোৱা হৈছে। কম বয়সৰ ৰোগীৰ ক্ষেত্ৰত দৰৱৰ পৰিমাণো অধিক হয় বুলি প্ৰতিবেদনখনত কোৱা হৈছে।
১৭ বছৰীয়া ৰাখী শৰ্মাই দীৰ্ঘদিনীয়া যুঁজৰ অন্তত আৰোগ্য লাভ কৰিবলৈ কৰিছে যদিও সহায় নোলোৱাকৈ খোজ কাঢ়িব নোৱাৰে, বেছিসময় বহি থাকিবও নোৱাৰে। তেওঁৰ পৰিয়ালটোৱে পিলখানা বস্তিতে জীৱন কটাইছে। যক্ষ্মাৰ কাৰণে ৰাখীৰ এটা শৈক্ষিক বৰ্ষ নষ্ট হ’ল। হাওৰাৰ ফুড ক’ৰ্ট এটাত কাম কৰা তেওঁৰ পিতৃ ৰাকেশ শৰ্মাই কয়, “ঘৰত প্ৰাইভেটকৈ টিউশ্যন দি পঢ়োৱাৰ যত্ন কৰিছো। বলে পৰাখিনি কৰিবলৈ চাইছো, কিন্তু পইচাৰ ফালৰ পৰা আমাৰ সীমাবদ্ধতা আছে।”
গ্ৰামাঞ্চলত যক্ষ্মাৰোগীৰ সংখ্যা অধিক। খেৰ বা ঘাঁহ আদিৰে ৰন্ধা-বঢ়া কৰা পৰিয়ালৰ ক্ষেত্ৰত, পৃথককৈ পাকঘৰ নথকা আৰু ঠেকাঠেকিকৈ বসবাস কৰা পৰিয়ালৰ ক্ষেত্ৰত এই ৰোগ সংক্ৰমণৰ সম্ভাৱনা প্ৰৱল, এন.এফ.এইছ.এছ.-৫ৰ শেহতীয়া প্ৰতিবেদনত কোৱা হৈছে।
দৰিদ্ৰতা, তাৰ লগতে খাদ্য আৰু উচিত আয়ৰ পৰা বঞ্চিত হোৱাটোৱে যক্ষ্মাৰোগ মাতি অনাৰ কাৰণ বুলি স্বাস্থ্যসেৱাৰ সৈতে জৰিত লোকৰ মাজত এটা সাধাৰণ ধাৰণা প্ৰচলিত যদিও এটা কথা ঠিক যে ইতিমধ্যে দাৰিদ্ৰ্যৰ কবলত থকা লোকক এই ৰোগে অধিক দুৰ্দশাগ্ৰস্ত কৰি তোলে।


ঠেকাঠেকিকৈ থকা পৰিয়ালৰ ক্ষেত্ৰত যক্ষ্মাৰোগৰ সংক্ৰমণ ঘটাৰ সম্ভাৱনা অধিক। মহিলা ৰোগীৰ ক্ষেত্ৰত একাষৰীয়াকৈ থকাটোও বৰ কষ্টকৰ। নিজে নিজে আৰোগ্যলাভৰ বাবে অকলশৰীয়াকৈ থাকিবলগীয়া হোৱা মহিলাই এনেক্ষেত্ৰত নিজকে এলাগী অনুভৱ কৰে


বাওঁফালে : বানট্ৰা চেইণ্ট থমাচ হোম ৱেলফেয়াৰ ছ ’ চাইটিৰ সচিব মণিকা নায়েকে যক্ষ্মাৰোগৰ বিৰুদ্ধে অবিৰাম যুঁজি গৈছে । সোঁফালে : কলকাতাৰ নিকটৱৰ্তী হাওৰাৰ বানট্ৰা ছ ’ চাইটিৰ যক্ষ্মাৰোগৰ দাতব্য হস্পিতালত ৰোগী গোট খাইছে
এন.এফ.এইছ.এছ.-৫-ৰ পৰ্য্যবেক্ষণ অনুসৰি যক্ষ্মা ৰোগীয়ে একঘৰীয়া হোৱাৰ ভয়ত ৰোগ নিৰ্ণয়ৰ পৰা নিৰাময়লৈকে গোটেই প্ৰক্ৰিয়াটো মানুহৰ পৰা গোপনে ৰাখিব বিচাৰে। “...প্ৰতি পাঁচজনৰ এজনে পৰিয়ালৰ যক্ষ্মাৰোগৰ ঘটনা লুকাই ৰাখিব বিচাৰে।” যক্ষ্মা হস্পিতালত স্বাস্থ্যকৰ্মী পোৱাটোও কঠিন কাম।
২০১৯ত প্ৰকাশিত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ এক প্ৰতিবেদন অনুযায়ী ভাৰতত যক্ষ্মা আক্ৰান্ত ৰোগীৰ এক চতুৰ্থাংশ হৈছে সন্তান ধাৰণৰ বয়সত (১৫ৰ পৰা ৪৯ বছৰ) উপনীত হোৱা মহিলা। পুৰুষৰ তুলনাত নাৰীৰ যক্ষ্মা সংক্ৰমণৰ হাৰ অতি কম যদিও নাৰী এগৰাকী ৰোগাক্ৰান্ত হ’লে নিজৰ স্বাস্থ্যৰ পৰিৱৰ্তে তেওঁলোকে পৰিয়ালৰ কাম-কাজতহে অগ্ৰাধিকাৰ দিয়ে।
“যিমান পাৰো সোনকালে ঘৰলৈ যাব বিচাৰো। মোৰ স্বামীয়ে আন কাৰোবাক বিয়া পাতি ল’ব বুলি ভয় লাগে,” নিজৰ বিয়াখন বাচিব নে নাই, তাকে লৈ চিন্তিত বিহাৰৰ পৰা অহা যক্ষ্মাৰোগী হানিফা আলীয়ে কয়। তেওঁ দৰৱ লোৱা বন্ধ কৰিব পাৰে বুলি হাওৰাৰ বানট্ৰা চেইণ্ট থমাচ হোম ৱেলফেয়াৰ ছ’চাইটিৰ ডাক্তৰে কয়।
“মহিলাসকল এই ৰোগৰ নীৰৱ চিকাৰ। তেওঁলোকে ৰোগৰ লক্ষণবোৰ লুকাই ৰাখি ঘৰৰ কাম-বন কৰি যায়। পিছলৈ যেতিয়া ৰোগ ধৰা পৰে, তেতিয়ালৈ বহুত পলম হৈ যায়। হ’বলগীয়া ক্ষতিখিনি তেতিয়ালৈ হৈ যায়,” ছ’চাইটিৰ সচিব মণিকা নায়েকে কয়। তেওঁ বিগত কুৰি বছৰ ধৰি যক্ষ্মাৰোগীৰ মাজত কাম কৰি আহিছে আৰু কয় যে যক্ষ্মাৰ পৰা আৰোগ্য লাভ কৰাটো বৰ দীৰ্ঘদিনীয়া প্ৰক্ৰিয়া আৰু ইয়াৰ প্ৰভাৱ গোটেই পৰিয়ালটোতে পৰে।
“এনেকুৱাও ঘটনা দেখিছো যে ৰোগীয়ে আৰোগ্যলাভৰ পিছত পৰিয়ালে ৰোগীজনক ঘূৰাই নিব নিবিচাৰে। আমি পৰিয়ালৰ সদস্যক পতিয়ন নিয়াবলগীয়া হয়,” তেওঁ কয়। যক্ষ্মা প্ৰতিৰোধৰ নিৰলস প্ৰচেষ্টাৰ বাবে তেওঁ অৰ্ডাৰ অৱ মেৰিটৰ সন্মানীয় জাৰ্মান ক্ৰছ লাভ কৰিছে।
দুকুৰি বয়সৰ আলাপী মণ্ডলে যক্ষ্মাৰোগৰ পৰা মুক্তি পাইছে। তেওঁ কয়, “ঘৰলৈ যাবলৈ অপেক্ষা কৰি আছো। সিহঁতে মোক এই দীঘলীয়া যুঁজখনত অকলশৰীয়া কৰি থৈ গৈছে…”
*****


বাওঁফালে: যক্ষ্মাৰোগৰ দৰৱ দীৰ্ঘদিন ধৰি সেৱনৰ ফলত তাৰ কিছুমান পাৰ্শ্চক্ৰিয়াই দেখা দিয়ে, তাৰে মাজত দীৰ্ঘস্থায়ী অৱসাদো এটা। সোঁফালে: ডা. তবিয়াচ ভোটে ৰোগীৰ পৰীক্ষা কৰিছে


বাওঁফালে: যক্ষ্মাৰোগৰ ক্ষেত্ৰত আটাইতকৈ কাৰ্য্যকৰী প্ৰাথমিক দৰৱ হৈছে ৰিফাম্পিন। বেক্টেৰিয়াবোৰ ৰিফাম্পিন প্ৰতিৰোধক হৈ উঠিলে ৰোগীৰ চিকিৎসাৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰে। সোঁফালে: যক্ষ্মা হস্পিতালত কৰ্মচাৰী পোৱাটোও দুঃসাধ্য কাম, আবেদনকাৰীয়ে এনে হস্পিতালত কাম কৰিবলৈ প্ৰায়ে অস্বীকাৰ কৰে
স্বাস্থ্যকৰ্মীৰ ক্ষেত্ৰত সংক্ৰমণৰ সম্ভাৱনা অধিক আৰু কামৰ সময়ত মাস্ক পিন্ধাটো বাধ্যতামূলক। ছ’চাইটিয়ে চলোৱা ক্লিনিকখনত অতিশয় সংক্ৰমণসাধ্য যক্ষ্মা আক্ৰান্ত ৰোগীক আচুতীয়া ৱাৰ্ডত ৰখাৰ ব্যৱস্থা কৰা হয়। বহিৰ্বিভাগত সপ্তাহত দুদিন ১০০ৰ পৰা ২০০ জন ৰোগী চোৱা হয় আৰু তাৰ ৬০ শতাংশই মহিলা।
এইক্ষেত্ৰত কৰ্মৰত ডাক্তৰে জনায় যে ৰোগ নিৰাময়ত ব্যৱহৃত ঔষধৰ দীৰ্ঘদিন ব্যৱহাৰৰ পাৰ্শ্চক্ৰিয়াৰ ফলত ভালেমান ৰোগীৰ ক্ষেত্ৰত চিকিৎসাজনিত অৱসাদ দেখা যায়। যক্ষ্মাৰ চিকিৎসা এক দীঘলীয়া আৰু জটিল প্ৰক্ৰিয়া। হস্পিতালৰ পৰা ওলোৱাৰ পিছত ৰোগীয়ে নিয়মীয়াকৈ দৰৱ সেৱনৰ উপৰিও সুষম আহাৰ খোৱাৰ প্ৰয়োজন।
বেছিভাগ আক্ৰান্ত ব্যক্তিয়ে নিম্ন আয়ৰ পৰিয়ালৰ পৰা অহা হেতুকে তেওঁলোকে আধাতে দৰৱ খোৱা বন্ধ কৰিবলৈ বাধ্য হয়। ফলত এম.ডি.আৰ. টিবি (বহু-ঔষধ প্ৰতিৰোধী যক্ষ্মা) হোৱাৰ সম্ভাৱনা বাঢ়ি যায়, ডা. তবিয়াচ ভোটে কয়। জাৰ্মানীৰ চিকিৎসা বিশেষজ্ঞ তোবায়াচে যোৱা দুটা দশক ধৰি যক্ষ্মাৰোগ নিৰাময়ৰ কাম কৰি আহিছে।
বৰ্তমান বহু-ঔষধ প্ৰতিৰোধী যক্ষ্মা জনস্বাস্থ্যৰ এক বৃহৎ সংকটত পৰিণত হৈছে, ই স্বাস্থ্য নিৰাপত্তাৰ দিশতো প্ৰশ্নৰ অৱতাৰণা কৰিছে। ২০২২ত এই বিশেষ ৰোগাক্ৰান্তৰ প্ৰতি পাঁচজনৰ ভিতৰত দুজনে চিকিৎসাৰ সুবিধা পাইছিল। বিশ্ব স্বাস্থ্য সংস্থাৰ গ্ল’বেল টিবি ৰিপ’ৰ্ট অনুসৰি “২০২০ত যক্ষ্মাৰোগত ১৫ লাখ লোকে প্ৰাণ হেৰুৱাইছিল, তাৰে ২১৩,০০০ জন আছিল এইছ.আই.ভি. আক্ৰান্ত।”
তোবায়াচে লগতে কয়, “হাড়, মেৰুদণ্ড, পাকস্থলী আনকি মস্তিষ্কৰো যক্ষ্মাই ক্ষতিসাধন কৰিব পাৰে। ভালেমান যক্ষ্মাক্ৰান্ত শিশুই আৰোগ্য লাভ কৰে যদিও পঢ়া-শুনাত পিছপৰি যায়।”
এই ৰোগত অনেকই নিজৰ জীৱিকা হেৰুৱাইছে। “মোৰ দেহত হাওঁফাওঁৰ যক্ষ্মাৰোগ ধৰা পৰিছিল, তাৰ পৰা আৰোগ্য লাভ কৰিলো যদিও এতিয়া আৰু কাম কৰিব নোৱাৰা হ’লো। গাৰ বল নাইকিয়া হ’ল,” আগতে ৰিক্সা চলোৱা শ্বেইখ চাহাবুদ্দিনে হতাশাৰে কয়। হাওৰা জিলাত এসময়ত ৰিক্সাৰে অসংখ্য যাত্ৰীক গন্তব্যস্থললৈ লৈ যোৱা চাহাবুদ্দিন এতিয়া অসহায়গ্ৰস্ত। “আমাৰ পৰিয়ালটো পাঁচজনীয়া। কিদৰে জীয়াই থাকিম?” কাতৰ হৈ চাহাপুৰৰ বাসিন্দা চাহাবুদ্দিনে প্ৰশ্ন কৰে।


বাওঁফালে : গল আৰু কান্ধত টেমুনাই দেখা দিয়া এইগৰাকী মহিলাৰ বহু - ঔষধ প্ৰতিৰোধী যক্ষ্মা হোৱাৰ সন্দেহ কৰিছে ডাক্তৰে । আধাতে দৰৱ সেৱন কৰিবলৈ এৰাৰ ফলত এনে হোৱা বুলি তেওঁ কয় । সোঁফালে : ‘ এতিয়া থিয় হ ’ বলৈকে গাত বল নাই । আগতে নিৰ্মাণক্ষেত্ৰত কাম কৰিছিলো । বুকু পৰীক্ষা কৰাবলৈ আহিছো । কেইদিনমান আগৰে পৰা কাহিলে তেজ ওলোৱা হৈছে ,’ পাঁচু গোপাল মণ্ডলে কয়


বাওঁফালে: নি-ক্ষয় (নি-অন্ত, ক্ষয়-যক্ষ্মা) হৈছে মূলত যক্ষ্মা নিয়ন্ত্ৰণৰ বাবে ৱেবযোগে পৰিচালিত ৰোগীক সহায়-সুবিধা আগবঢ়োৱাৰ ব্যৱস্থা। ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ কাৰ্য্যসূচী (এন.টি.ই.পি.)ৰ অধীনত এই উদ্যোগ লোৱা হৈছে। ইয়াৰ যোগেদি ৰোগীৰ স্বতন্ত্ৰ আই.ডি. নম্বৰৰ সহায়ত যক্ষ্মাৰ চিকিৎসা কোনটো পৰ্য্যায়ত আছে, তাৰ সবিশেষ চাব পাৰি। সোঁফালে: হাড়ৰ যক্ষ্মাৰোগত আক্ৰান্ত এগৰাকী ১৬ বছৰীয়া কিশোৰীয়ে ফ্ৰকৰ নমুনা এটা দেখুৱাইছে। ৰোগীক স্বনিৰ্ভৰশীল কৰি তোলাৰ বাবে ক্লিনিকখনত চিলাই-কটাইৰ কাম শিকোৱা হয়
বয়সস্থ ৰোগী পাঁচু গোপাল মণ্ডলে চিকিৎসাৰ বাবে বানট্ৰা হোম ৱেলফেয়াৰ ছ’চাইটিৰ ক্লিনিকলৈ আহে। এসময়ত নিৰ্মাণ শ্ৰমিকৰ কাম কৰা গোপালে কয়, “হাতত ২০০ টকাও নাই আৰু থিয় হ’বলৈ গাত শকতি নাই। বুকুৰ পৰীক্ষা কৰিবলৈ ইয়ালৈ আহিছো। কেইদিনমান আগতে কাহিলে তেজ ওলোৱা হৈছে,” সত্তৰোৰ্দ্ধ হাওৰা নিবাসী বৃদ্ধলোকজনে কয়। কথাই কথাই তেওঁ কয় যে তেওঁৰ আটাইকেইজন পুত্ৰই কামৰ সন্ধানত ৰাজ্য এৰি গৈছে।
যক্ষ্মা নিয়ন্ত্ৰণৰ বাবে ৱেবযোগে পৰিচালিত নি-ক্ষয় নামে প্লেটফৰ্মৰ আধাৰত চিকিৎসা কৰা হয়। এই প্লেটফৰ্মত ৰোগীৰ নিজস্ব আই.ডি. নম্বৰেৰে ৰোগবিধৰ চিকিৎসাৰ ইতিবৃত্তি চিকিৎসকে জানিব পাৰে। যক্ষ্মাৰ সঠিক চিকিৎসাৰ বাবে ৰোগীৰ ট্ৰেক ৰখা আৰু ৰোগীয়ে নিয়মিত দৰৱ সেৱনৰ যোগেদি আৰোগ্যলাভৰ পথত থকাটো নিশ্চিত কৰাটো অতিশয় জৰুৰী। “আমি ৰোগীৰ সবিশেষ নি-ক্ষয়ত প্ৰবিষ্টি কৰোঁ আৰু হিচাপ ৰাখো,” ছ’চাইটিৰ প্ৰশাসনিক মূৰব্বী সুমন্ত চেটাৰ্জীয়ে কয়। তেওঁ লগতে এইটোও কয় যে পিলখানা বস্তি “ৰাজ্যখনৰ আটাইতকৈ ঘন জনবসতিপূৰ্ণ এলেকা হোৱা হেতুকে তাত যক্ষ্মা ৰোগীৰ সংখ্যাও অধিক।”
এই ৰোগ প্ৰতিৰোধ আৰু নিৰাময় সম্ভৱপৰ যদিও বিশ্বজুৰি ক’ভিড-১৯ৰ পিছতে ঘাতক ৰোগ হিচাপে এতিয়াও স্থান যক্ষ্মাৰে, বিশ্ব স্বাস্থ্য সংস্থাই কয়।
তাৰোপৰি ক’ভিডৰ পিছৰে পৰা কাহ মৰা নাইবা অসুস্থতাক মানুহে ভাল চকুৰে নোচোৱাৰ ফলত যক্ষ্মা ৰোগীয়ে সংক্ৰমণ অতিবেছি নোহোৱালৈকে, নাইবা সাংঘাতিক অসুস্থ হৈ নপৰালৈকে এই ৰোগ গোপনে ৰখাৰ প্ৰৱণতা বাঢ়িছে।
মই নিয়মীয়াকৈ স্বাস্থ্য
সমস্যাৰ খবৰ যুগুতাও, কিন্তু
ইমান মানুহ যে যক্ষ্মাত ভূগি আছে, সেয়া জনা নাছিলো। এয়া মাৰাত্মক ৰোগ নহয় হেতুকে ইয়াৰ প্ৰতিবেদনে
ব্যাপক হাৰত গুৰুত্ব লাভ নকৰে। কিন্তু এয়া মাৰাত্মক নহ’লেও পৰিয়ালৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তিজন আক্ৰান্ত হোৱাৰ ফলত সম্পূৰ্ণ
এটা পৰিয়াল বিপৰ্য্যস্ত হৈ পৰা মই দেখিছো। তাৰোপৰি ইয়াৰ নিৰাময় এটা
দীঘলীয়া প্ৰক্ৰিয়া, যাৰ
ফলত আৰ্থিক দিশত পিছপৰা ইতিমধ্যে উপান্ত পৰিয়ালবোৰ অধিক দুৰ্দশাগ্ৰস্ত হৈ পৰে।
এই প্ৰতিবেদনৰ কিছুমান নাম সলনি কৰা হৈছে ।
প্ৰতিবেদকে জয়প্ৰকাশ ইনষ্টিটিউট অৱ ছ’চিয়েল চেইঞ্জ (জি.পি.আই.এছ.চি.)ৰ সদস্যবৰ্গক তেওঁলোকৰ সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছে। সংস্থাটোৱে যক্ষ্মাৰোগত আক্ৰান্ত শিশুৰ সৈতে কাম কৰে আৰু তেনে শিশুৰ শিক্ষাৰ সুবিধা নিয়মিত লাভ কৰাটো সংস্থাই নিশ্চিত কৰে।
অনুবাদ: পংকজ দাস