প্ৰতিবাৰ যেতিয়া মই মোৰ মানুহৰ মৃত্যুৰ বিষয়ে লিখোঁ, মোৰ মনটো উকা হৈ পৰে, শৱ এটাৰ দৰে জঠৰ হৈ পৰে।
আমাৰ চৌপাশৰ পৃথিৱীখন ইমানেই সলনি হৈ গৈছে যে চাফাইকৰ্মীৰ জীৱনকলৈ কাৰো ভ্ৰুক্ষেপকে নাই। চৰকাৰে এনে ঘটনা ঘটা নাই বুলিয়ে কৈ দিয়ে। কিন্তু লোকসভাত এটা প্ৰশ্নৰ উত্তৰত সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ মন্ত্ৰী ৰামদাস আঠৱালেয়ে দিয়া তথ্যই দেখুৱাইছে যে ২০১৯-২০২৩ বৰ্ষত “নলা-নদৰ্মা আৰু মলশোধন কক্ষ (চেপটিক টেংক) চাফাইৰ বিপজ্জনক কামত” নিয়োজিত হৈ ৩৭৭ গৰাকী শ্ৰমিকৰ মৃত্যু ঘটিছে।
যোৱা সাতটা বছৰত মেনহ’ল চাফা কৰোঁতে মৃত্যু ঘটা অসংখ্য লোকৰ ওচৰত মই ব্যক্তিগতভাৱে থিয় দিছোঁ। চেন্নাইৰ কেৱল আৱদি চহৰতে ২০২২ৰ পৰা এতিয়ালৈ ১২ জনতকৈও অধিক চাফাইকৰ্মীয়ে মেনহ’লত প্ৰাণ হেৰুৱাইছে।
১১ আগষ্টত ২৫ বৰ্ষীয় হৰি নামে আৱদিৰ বাসিন্দা আৰু অৰুন্ধতিয়াৰ সম্প্ৰদায়ৰ যুৱকজন চুক্তিভিত্তিক শ্ৰমিক হিচাপে নলা এটা চাফা কৰোঁতে ডুব গৈ মৃত্যু ঘটে।
বাৰ দিন পিছত মই হৰি আন্নাৰ মৃত্যুৰ প্ৰতিবেদন যুগুতাবলৈ গৈছিলো। তেওঁৰ পত্নী তামিল চেলভিক তেওঁৰ পৰিয়ালৰ লোকে মৃতকৰ পত্নী হিচাপে নিয়মখিনি কৰাইছিল। তেওঁৰ চুবুৰীয়াই তেওঁৰ তালি (বিবাহিত মহিলাৰ চিন) কাটি পেলাই দিয়াৰ আগেয়ে গোটেই গাতে হালধি সানি ধুউৱাই দিয়া হৈছিল। ঔপচাৰিকতাৰ সময়খিনিত তেওঁৰ মুখখন চিন্তাৰে ভাৰাক্ৰান্ত হৈ আছিল, মুখেৰে একো কথাই ওলোৱা নাছিল।

চাফাইকৰ্মীৰ কাম কৰি থাকোতে হৰিৰ মৃত্যু ঘটিছিল। তেওঁ আৰু তেওঁৰ পত্নী তামিল চেলভি – এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তি – প্ৰেমবিবাহ হৈছিল। তামিল আৰু তেওঁৰ জীয়ৰীয়ে মৃতকৰ সন্মুখত উচুপিছে


বাওঁফালে: প্ৰয়াত গোপীৰ পত্নী দীপা আক্কা। তেওঁ মৰমতে গিৰীয়েকৰ নাম সোঁহাতত টেটু কৰাই লৈছিল। সোঁফালে: ২০ আগষ্টত বিবাহ বাৰ্ষিকীৰ কেইদিনমান পূৰ্বে ১১ আগষ্টত গোপীৰ মৃত্যু ঘটিছিল, তেওঁলোকৰ জীয়ৰীৰ (ফটোত আছে) জন্মদিন আছিল ৩০ আগষ্টত
কাপোৰ সলাবলৈ তেওঁ আন এটা কোঠালৈ যোৱাৰ সময়ত পৰিৱেশটো নিজম পৰিছিল। তেওঁলোকৰ ঘৰটো ৰঙা ইটাৰে গঁথা আছিল, প্লাষ্টাৰ কৰা হোৱা নাছিল। ইটাবোৰ ওলাই আছিল, কিছুমান ভাঙিবলৈ ধৰিছিল। এনে লাগিছিল যেন ঘৰটো এতিয়াই খহি পৰিব।
শাড়ীখন সলাই যেতিয়া তামিল চেলভি আক্কা ওলাই আহে, তেওঁ ফ্ৰীজাৰ বক্সটোৰ পিনে দৌৰি গ’ল আৰু তাতে বহি কান্দিবলৈ ধৰিলে। গোটখোৱা মানুহখিনি তেওঁৰ কান্দোনত চুপ হৈ ৰৈছিল, কোঠাটোৰ নীৰৱতা তেওঁৰ হিয়া ভগা কান্দোনে ভংগ কৰিছিল।
“অ মোৰ মৰমৰ মামা (চেনেহত মতা মাত), উঠা! সিহঁতে মোক শাড়ী পিন্ধাইছে। তুমিতো মই শাড়ী পিন্ধা বেয়া পাইছিলা, নহয়নে? উঠা আৰু মোক জোৰ নকৰিবলৈ কোৱা।”
এইখিনি কথা এতিয়াও মোৰ মনত অনুৰণিত হয়। তামিল চেলভি আক্কা বিশেষভাৱে সক্ষম, তেওঁৰ হাত এখন নাই। শাড়ীখন তেওঁৰ কান্ধত টিকাই ৰখাটো তেওঁৰ বাবে টান আছিল। সেয়ে তেওঁ শাড়ী নিপিন্ধিছিল। এই কথাখিনিয়ে মোৰ সদায়েই আমনি কৰি আহিছে।
এনে প্ৰতিটো মৃত্যুৰ ঘটনা, য’ত মই উপস্থিত আছো, সিয়ে মোক প্ৰভাৱিত কৰিছে, মোৰ অন্তঃকৰণত ৰৈ গৈছে।
মেনহ’লত মৃত্যু ঘটা প্ৰতিজন লোকৰ জীৱনৰ সৈতে আৰু বহু কাহিনী জৰিত হৈ থাকে। ২২ বছৰীয়া দীপা, যিয়ে আৱদিত মেনহ’লত কাম কৰি থাকোতে নিজৰ স্বামী গোপীক হেৰুৱাইছে, তেওঁ প্ৰশ্ন কৰিছিল যে তেওঁৰ পৰিয়ালৰ সুখ আৰু আনন্দ যে চিৰদিনৰ বাবে হেৰাই গ’ল, সেইখিনি দহ লাখ টকাৰ ক্ষতিপূৰণে পুৰাব পাৰিবনে। “২০ আগষ্ট আমাৰ বিয়াৰ দিন আৰু ৩০ আগষ্টৰ দিন আমাৰ জীয়ৰীজনীৰ জন্মদিন আছিল। তেওঁ আমাক এইটো মাহতে এৰি গ’ল,” তেওঁ কয়। যিখিনি আৰ্থিক ক্ষতিপূৰণ তেওঁলোকে পাইছে, সেইখিনিয়ে তেওঁলোকৰ আটাইখিনি আৰ্থিক প্ৰয়োজনীয়তা পূৰাব নোৱাৰে।


বাওঁফালে: গোপীৰ শৱটো ৰাস্তালৈ উলিয়াই অনাৰ আগেয়ে শুকান পাত আৰু ঠানিৰে পৰিয়ালৰ সদস্যই জুই একুৰা ধৰিছে। সোঁফালে: ৰীতি অনুসাৰে তেওঁলোকে মাটিত ফুল ৰাখিছে

গোপীৰ মৃতদেহ এটা আইচবক্সত ভৰাই থোৱা আছে। ২০১৩ত মেনুৱেল স্কেভেঞ্জিঙৰ প্ৰথা বন্ধ কৰা হয় যদিও এনে কামত শ্ৰমিকক নিয়োজিত কৰা বন্ধ হোৱা নাই। শ্ৰমিকে কয় যে তেওঁলোকক কৰ্তৃপক্ষই মেনহ’লত সোমাবলৈ জোৰ-জবৰদস্তি কৰে, নামানিলে মজুৰি নিদিয়া ভাবুকি দিয়ে

গিৰীয়েকৰ ভৰিত ধৰি কান্দিছে দীপা আক্কাই, এৰি যাবলৈ দিব বিচৰা নাই
মেনহ’লত মৃত্যু হোৱা লোকৰ পৰিয়ালৰ মহিলা আৰু সন্তানক ভুক্তভোগী হিচাপে প্ৰায়ে বিবেচনা কৰা নহয়। বিল্লুপুৰম জিলাৰ মাতমপট্টু গাঁৱৰ অনুসিয়া আক্কাৰ গিৰীয়েক মাৰিৰ মেনহ’লত মৃত্যু হোৱাত তেওঁ কান্দিব পৰা নাছিল, তেওঁৰ পেটত আঠমহীয়া সন্তান আছিল। দম্পতিহালৰ ইতিমধ্যে তিনিগৰাকী জীয়ৰী আছিল, প্ৰথম দুগৰাকীয়ে কান্দিছিল, তৃতীয় গৰাকীয়ে তামিলনাডুৰ পূব সীমাত থকা গাওঁখনৰ সেই বিশেষ ঘৰখনত কি ঘটিছে সেয়া বুজিব পৰা হোৱা নাছিল।
ৰাজ্য চৰকাৰে দিয়া ক্ষতিপূৰণক হত্যাৰ ক্ষতিপূৰণ হিচাপে গণ্য কৰা হয়। “এই টকাখিনি খৰচ কৰিবলৈ সংকোচ লাগে। এনে লাগে যেন মই মোৰ স্বামীৰ তেজ জিভাত লৈছো,” অনুসিয়া আক্কাই কয়।
তামিলনাডুৰ কৰুৰ জিলাত প্ৰাণ হেৰুওৱা চাফাইকৰ্মী বালকৃষ্ণনৰ পৰিয়ালৰ মই কাষ চাপিছিলোঁ। লক্ষ্য কৰিছিলোঁ যে তেওঁৰ পত্নীয়ে গুৰুতৰ হতাশাত ভুগিছিল। তেওঁ কয় যে কাম কৰি থকাৰ সময়ত তেওঁ প্ৰায়ে চৌপাশৰ কথা পাহৰি যায়। নিজৰ অৱস্থা বুজিবলৈ তেওঁক সময় লাগে, তেওঁ কয়।
এনে পৰিয়ালবোৰৰ জীৱনবোৰ সাংঘাতিক ধৰণে বিপৰ্য্যস্ত হৈ পৰে। ইফালে আমাৰ বাবে এনে মৃত্যু মাত্ৰ এটা বাতৰিত বাদে আন একো নহয়।

বিল্লুপুৰমৰ মাতমপট্টু গাঁৱত চাফাইকৰ্মত মৃত্যু ঘটা মাৰিয়ে পৰিয়ালত আঠমহীয়া গৰ্ভৱতী পত্নী অনুসিয়াক এৰি গৈছে

মাৰি যিটো সম্প্ৰদায়ৰ, তাৰ বাবে আছুতীয়াকৈ থকা সামূহিক শ্মশানলৈ মাৰিৰ মৃতদেহ ঘৰৰ পৰা উলিয়াই নিয়া হৈছে
২০২৩ৰ ১১ ছেপ্টেম্বৰত আৱদিৰ ভীমা নগৰৰ ম’জেচ নামে চাফাই কৰ্মীজনৰ মৃত্যু ঘটে। টাইলৰ চালি লগোৱা তেওঁৰেই একমাত্ৰ ঘৰ। তেওঁৰ দুয়োজনী জীয়েকেই কি হৈছে, সেয়া ভালদৰে হৃদয়ংগম কৰিব পৰা নাছিল। ম’জেচৰ মৃতদেহ অহাৰ এদিন আগত মই তেওঁলোকৰ ঘৰত উপস্থিত হওঁতে তেওঁৰ দুয়োজনী ছোৱালীয়ে পিন্ধি থকা টি-চাৰ্টলৈ মোৰ চকু গৈছিল। তাত লিখা আছিল – ‘ডেড লাভচ্ মি’ আৰু ‘ডেডচ্ লিটল প্ৰিন্সেছ’। সেয়া কাকতালীয় সংযোগ আছিল নে কি মই নিশ্চিত নাছিলো।
সিহঁতে গোটেই দিনটো কান্দি আছিল আৰু বহুতেই সান্তনা দিবলৈ যত্ন কৰিছিল যদিও ব্যৰ্থ হৈছিল।
আমি যদিও এনে ঘটনাৰ প্ৰতিবেদন প্ৰস্তুত কৰি সেয়া মূলধাৰালৈ আনিব বিচাৰো, কিন্তু এনে মৃত্যুক সাধাৰণ এটা বাতৰি বুলিয়েই গণ্য কৰাৰ প্ৰৱণতা এটা মানুহৰ মাজত আছে।


বাওঁফালে: চেন্নাইৰ আৱদিৰ ভীমা নগৰৰ আন এক অন্ত্যেষ্টিক্ৰিয়াত। ম’জেচৰ পৰিয়ালে তেওঁৰ মৃতদেহৰ ওপৰত ফুল ৰাখিছে। সোঁফালে: তেওঁৰ মৃতদেহৰ সন্মুখত পৰিয়ালে প্ৰাৰ্থনা জনাইছে


বাওঁফালে: আৱদিত ম’জেচৰ মৃতদেহৰ পৰা দুৰ্গন্ধি ওলাবলৈ ধৰাত মানুহখিনিয়ে শৱটো শ্মশানলৈ নিবলৈ খৰধৰ কৰিলে। সোঁফালে: প্ৰয়াত ম’জেচৰ ঘৰটো
শ্ৰীপেৰুম্বুদুৰৰ কাঞ্জিপট্টুত দুটা বছৰ আগতে তিনিগৰাকী চাফাইকৰ্মী নবীন কুমাৰ (২৫), তিৰমলই (২০) আৰু ৰংগনাথন (৫০)ৰ মৃত্যু ঘটিছিল। তিৰুমলইৰ সদ্যবিবাহিত আছিল আৰু ৰংগনাথন আছিল দুটা সন্তানৰ পিতৃ। নতুনকৈ বিয়া হৈ বিধবা হৈ পৰা মহিলাই জীৱনৰ সকলো আশা হেৰুৱাই দিয়া দেখাটো বৰ হৃদয়বিদাৰক। গিৰীয়েক ঢুকোৱাৰ কেইটামান মাহৰ পিছত মুট্টুলক্ষ্মীৰ পঞ্চামৃত খুওৱাৰ পৰ্ব পতা হৈছিল।
আমাৰ দেশত মেনুৱেল স্কেভেঞ্জিং এক বেআইনী কাম। তথাপি আমি মেনহ’লত ঢুকোৱা মানুহৰ সংখ্যা কমাব পৰা নাই। এই বিষয়টোক কেনেকৈ আগবঢ়াই লৈ যাম, মোৰ কোনো ধাৰণা নাই। এই জঘন্য কাণ্ড বন্ধ কৰোৱাৰ মই এটা উপায়ে জানো, সেয়া হৈছে লিখা আৰু ফটো তোলা।
এনে প্ৰতিটো ঘটনাই মোৰ মনত ৰেখাপাত কৰি গৈছে। তেওঁলোকৰ শেষকৃত্যৰ সময়ত মই কন্দা উচিত হয় নে নহয়, সেই লৈ মই প্ৰায়ে নিজকে প্ৰশ্ন কৰোঁ। পেচাদাৰী শোক বুলি এই পৃথিৱীত একো নাই। শোক সদায়েই ব্যক্তিগত। কিন্তু এই মৃত্যুবোৰ নেদেখিলে মই ফটোগ্ৰাফাৰ হ’লোহেঁতেন নে? মেনহ’লত আৰু এজন চাফাইকৰ্মী সোমাই নমৰক, তাৰবাবে মই কি কৰা উচিত? আমি সকলোৱে কি কৰা উচিত?

২০১৯ৰ ২ আগষ্টত, চেন্নাইৰ পুলিয়নটপ্পুত চাফাইকৰ্মী ম’জেচৰ নলা চাফা কৰি থকা অৱস্থাত মৃত্যু ঘটে। নীলা শাড়ী পৰিহীতা তেওঁৰ পত্নী


বাওঁফালে: ৰংগনাথনৰ ঘৰত তেওঁৰ আত্মীয়-সম্পৰ্কীয়ই মৃতকৰ পৰিয়ালৰ ঔপচাৰিকতা অনুসাৰে চাউল বিলাইছে। ৰংগনাথন আৰু নবীন কুমাৰে ২০২২ৰ দেৱালীৰ এসপ্তাহ পূৰ্বে তামিলনাডুৰ শ্ৰীপেৰুম্বদুৰৰ কাঞ্জিপট্টু গাঁৱত চেপটিত টেংক এটা চাফা কৰি থাকোতে মৃত্যুমুখত পৰে। সোঁফালে: শ্ৰীপেৰুম্বদুৰত চেপটিক টেংক এটা চাফা কৰি থাকোতে মৃত্যু ঘটা তিনিজন লোকৰ শেষকৃত্যৰ সময়ত শ্মশানত মানুহৰ ভীৰ


বাওঁফালে: চাকৰি নিয়মীয়াকৰণ আৰু দৰমহা বঢ়োৱাৰ বাবে ২০২৪ৰ অক্টোবৰত চেন্নাই পৌৰনিগমৰ চাফাইকৰ্মীসকলে উলিওৱা প্ৰতিবাদী সমদল। তেওঁলোক দীনদয়াল অন্তোদয়া যোজন – ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা মিছনৰ অধীনত নিযুক্ত। লেফ্ট ট্ৰেড ইউনিয়ন চেণ্টাৰৰ সদস্যসকলে স্থায়ী চাকৰি আৰু দৰমহা বঢ়োৱাৰ বাবে ধৰ্ণাত বহিছে। সোঁফালে: ক’ভিডৰ পিছত গোটা আৱৰ্জনা ব্যৱস্থাপনাৰ ব্যক্তিগতকৰণৰ প্ৰতিবাদ কৰা জ’ন ৫,৬ আৰু ৭ৰ পৰা শ শ চাফাইকৰ্মীক পিছত আৰক্ষীয়ে আটক কৰে
অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি