প্ৰতি বছৰে জুলাই মাহত সমগ্ৰ মহাৰাষ্ট্ৰৰ পৰা লাখ লাখ ৱাৰকৰিয়ে চোলাপুৰ জিলাৰ পান্ধাৰপুৰত তেওঁলোকৰ প্ৰাণৰো প্ৰাণ ভগবান ৱিথোবা আৰু ৰাখুমাইক দৰ্শন কৰিবলৈ আহে। তেওঁলোকে এই তীৰ্থযাত্ৰা কৰে পদব্ৰজে, দেহু আৰু আলন্দিৰ পৰা প্ৰায় ২৪০ কিলোমিটাৰ বাটকুৰি বাই ভক্তগণ যায়। যাত্ৰাপথটো হৈছে কেইবাশতিকা আগতে পশুপালক যাযাবৰসকলে বাছি লোৱা এটা পথ, যিটো ৮০০ বছৰৰো অধিক পুৰণি বুলি জনবিশ্বাস আছে।
দেহু হৈছে সন্ত তুকাৰামৰ জন্মস্থান। আলন্দিত আছে সন্ত জ্ঞানেশ্বৰৰ সমাধি। দুয়োজনেই সমতাবাদী আৰু জাতিভেদহীন ভক্তি মাৰ্গ (ৱাৰকৰি পন্থা)ৰ সন্মানীয় সাধু। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ তীৰ্থযাত্ৰীসকলে এটা ডিণ্ডি গঠন কৰে আৰু আলন্দি অথবা দেহুত উপস্থিত হয়। তাৰপৰা তেওঁলোকৰ এই দুসপ্তাহজোৰা যাত্ৰা আৰম্ভ হয়। প্ৰতিটো ডিণ্ডি এখন গাঁৱৰ পুৰুষ আৰু মহিলাসকলৰ তীৰ্থযাত্ৰীৰ এটা সৰু দল। তেওঁলোকে একেলগে ভ্ৰমণ কৰে। কিছুমান ডিণ্ডি পুণেত সমবেত হয় বা আৰম্ভ তাৰ পৰা হয়। আন কিছুমানে তেওঁলোকৰ গাঁৱৰ পৰা যাত্ৰাৰম্ভ কৰি পোনে পোনে এক শুভ দিন হিচাপে গণ্য কৰা আহাৰ মাহৰ একাদশীৰ দিনা পান্ধাৰপুৰত উপস্থিত হয়।

ডিণ্ডিবোৰ গৈ থাকোতে বাটত জিৰণি লয়। মৃদংগ (ঢোল) আৰু এডাল পৱিত্ৰ তুলসী গছ মাটিত ৰʹদৰ পৰা বচাই ৰখা হয়; ৰঙা কাপোৰ পিন্ধা চপদাৰজনে (ৰখীয়া) ডিণ্ডি আগবাঢ়ি যাওঁতে মূল নিচান কঢ়িয়াই লৈ যায়
প্ৰতিটো প্ৰজন্ম, জাতি, বয়স নিৰ্বিশেষে মানুহে ৱাৰিলৈ পদব্ৰজে যায়। ইয়াত সকলোকে 'মৌলি' বুলি সম্বোধন কৰা হয়, যিটো সন্ত জ্ঞানেশ্বৰক বুজোৱা এটা মৰমসনা শব্দ। পুৰুষসকলৰ পিন্ধনত বগা ৰঙৰ বিভিন্ন পোছাক, মহিলাসকলে বগা ৰঙৰ বাদে আন সকলো ৰঙৰ পোছাক পিন্ধে।
ৱাৰিসকলে পৰম্পৰাগত অভং, ওভি আৰু গৱলনৰ লগতে গোৱা ‘জ্ঞানেশ্বৰ মৌলি তুকাৰাম'ৰ ছন্দত আৰু লগতে চৌদিশ ৰজনজনাই যোৱা তাল আৰু মৃদংগৰ শব্দত ৱাৰকৰিসকলে ৰাতিপুৱা প্ৰায় ৩ বজাত পুণেৰ পৰা ৰাওনা হয়।
চাৰি বছৰ আগতে মই পুণেৰ পৰা দিৱে ঘাটলৈ ২০ কিলোমিটাৰ বাট খোজ কাঢ়ি যাওঁতে বাটত ডেকা-বুঢ়াকে ধৰি ভালেকেইজন ৱাৰকৰিৰ সৈতে কথা পাতিছিলো। আমি আসন্ন খৰাং (২০১৪ চনত, ৰাজ্যখনৰ বিভিন্ন ঠাইত) সম্পৰ্কে হাঁহি আৰু উদ্বেগৰ কথা-বতৰাৰ আদান-প্ৰদান কৰিছিলোঁ। ওচমানাবাদ জিলাৰ কালাম্ব তালুকাৰ পানগাওঁ গাঁৱৰ এগৰাকী মহিলাই কৈছিল, “এতিয়া যদি একমাত্ৰ ঈশ্বৰে আমাৰ ওপৰত দয়া কৰে তেতিয়াহে বৰষুণ হ’ব।”
সেই চাৰি ঘণ্টা সময় হাঁহি, গান, ভ্ৰাতৃত্ববোধেৰে ভৰি আছিল। কিন্তু ছিগা চেণ্ডেল পিন্ধিয়েই অসংখ্য বৃদ্ধ পুৰুষ আৰু মহিলাইও ৱাৰিত ভাগ লৈ বাটকুৰি বাই গৈ আছিল কাৰণ তালৈ গ’লে দুসপ্তাহৰ বাবে তেওঁলোকৰ খোৱা-বোৱা আৰু আদৰ-যত্ন নিশ্চিত আছিল – ডিণ্ডিবোৰ গাওঁ আৰু চহৰৰ মাজেৰে পাৰ হৈ যাওঁতে ভক্তসকলে ৱাৰকৰিসকলৰ বাবে খাদ্য, ফল-মূল, চাহ আৰু বিস্কুটৰ ব্যৱস্থা কৰিছিল।
অনুবাদ: চয়নিকা চৌধাৰী