জাকিৰ হুছেইন আৰু মহেশ কুমাৰ চৌধাৰী দুয়োজন শৈশৱৰে বন্ধু। দুকুৰি বছৰ বয়স পাৰ কৰা দুয়োৰে সম্পৰ্ক এতিয়াও নিকপকপীয়া। জাকিৰ থাকে আজনা গাঁৱত, পাকুৰৰে ঠিকাদাৰ এজনৰ অধীনত তেওঁ কাম কৰে আৰু তাতেই মহেশে সৰু ৰেষ্টোৰাঁ এখন চলায়।
“পাকুৰখন (জিলা) বৰ শান্তিপূৰ্ণ ঠাই, তাত মানুহৰ মাজত শান্তিৰ পৰিৱেশ বিৰাজমান,” মহেশে কয়।
“বাহিৰৰ পৰা মানুহ আহি যেনে হিমন্ত বিশ্ব শৰ্মা (অসমৰ মুখ্যমন্ত্ৰী) আদিয়ে মানুহক নিজৰ ভাষণেৰে উচটায়,” বন্ধুৰ কাষতে বহি জাকিৰে কয়।
চাওতাল পৰগনা অঞ্চলটোৰে অংশ পাকুৰ ঝাৰখণ্ডৰ পূৱ দিশত অৱস্থিত, ২০২৪ৰ ২০ নৱেম্বৰত তাত নিৰ্বাচন অনুষ্ঠিত হ’ব। মুঠ আসনৰ সংখ্যা ৮১ খন। ২০১৯ৰ নিৰ্বাচনত ঝাৰখণ্ড মুক্তি মৰ্চা (জে.এম.এম.)ৰ মিত্ৰজোঁটে বিজেপিক পৰাস্ত কৰিছিল।
ক্ষমতা ঘূৰাই পোৱাৰ বাবে বিজেপিয়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক এই ঠাইৰ ভোটাৰক মুহিবলৈ ইয়ালৈ পঠিয়ায়। বিজেপি নেতাসকলে মুছলমান সম্প্ৰদায়ৰ প্ৰতি বিদ্বেষ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে, তেওঁলোকক ‘বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰী’ বুলি কৈছে।
“হিন্দু মানুহ আমাৰ কাষতে থাকে। সিহঁত আমাৰ ঘৰলৈ আহে, আমিও যাও,” জাকিৰে কয়, “কেৱল নিৰ্বাচনৰ সময়তহে হিন্দু-মুছলমানৰ বিষয়টো উত্থাপন কৰা হয়। নহ’লে বিজেপি কেনেকৈ জয়ী হ’ব?”
২০২৪ৰ ছেপ্টেম্বৰত জমছেদপুৰৰ এক ৰেলীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অনুপ্ৰৱেশৰ বিষয়টোক লৈ ৰাজনীতি কৰিবলৈ চেষ্টা কৰে। “চাওতাল পৰগনা (অঞ্চল)ত আদিবাসী জনসংখ্যা দ্ৰুতগতিত কমি আহিছে। ভূমি দখল কৰা হৈছে। অনুপ্ৰৱেশকাৰীয়ে পঞ্চায়তৰ পদবী দখল কৰি আছে,” তেওঁ জনতাক উদ্দেশী কৈছিল।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহমন্ত্ৰী অমিত শ্বাহেও ৰাইজক সম্বোধন কৰি একেধৰণৰ কথাই কৈছে। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত কৈছে, “আমি ঝাৰখণ্ডত অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ আৰু জনজাতীয় লোকৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ কঠোৰ পদক্ষেপ ল’ম।”


বাওঁফালে: আজনাত খেতিয়ক এজনে হাল বাইছে। সোঁফালে: জাকিৰ হুছেইন (সোঁফালে) আৰু মহেশ কুমাৰ চৌধাৰী শৈশৱৰে বন্ধু। মহেশে সৰু ৰেষ্টোৰাঁ এখন চলায় আৰু জাকিৰে নিৰ্মাণ শ্ৰমিক হিচাপে কাম কৰে
সমাজকৰ্মী অশোক বাৰ্মাই এই বিষয়টোক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰাক লৈ দোষাৰোপ কৰিছে। “এক ভুল চিন্তা মানুহৰ মনত সোমাই দিয়া হৈছে। চাওতাল পৰগনা অঞ্চলত কোনো বাংলাদেশী অনুপ্ৰৱেশৰ সমস্যা নাই,” তেওঁ কয়। তেওঁ কয় যে চোটা নাগপুৰ আৰু চাওতাল পৰগনাত ৰায়তী স্বত্ব আইন অনুসৰি আদিবাসী ভূমি বিক্ৰীত কিছুমান বাধা-নিষেধ আছে আৰু মাটি লেন-দেন স্থানীয় লোকৰ মাজতে হৈছে, বাংলাদেশীৰ সৈতে নহয়।
বিজেপিৰ ৰাজনীতিবিদবোৰে অনুসূচিত জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগ (এনচিএছটি)ৰ শেহতীয়া প্ৰতিবেদনৰ কথা উল্লেখ কৰি কৈছে যে বাংলাদেশী অনুপ্ৰৱেশে ঝাৰখণ্ডৰ চাওতাল পৰগনা অঞ্চলটোৰ ‘জনগাঁথনি’ সলনি কৰি পেলাব ধৰিছে। এই প্ৰতিবেদন এনচিএছটি-য়ে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ত দাখিল কৰে আৰু পৰৱৰ্তী সময়ত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত সেয়া দাখিল কৰা হয় যদিও এতিয়ালৈ এই প্ৰতিবেদন ৰাজহুৱা কৰা হোৱা নাই।
অশোক বাৰ্মা এটা স্বতন্ত্ৰ ফেক্ট-ফাইণ্ডিং টিমৰ অংশ আছিল, তেওঁলোকে এনচিএছটিৰ অনুসন্ধান চলাই প্ৰতিবেদনখনি ভিত্তিহীন বুলি কৈছিল। তেওঁ কয় যে আদিবাসীসকলে দাৰিদ্ৰ্য, পুষ্টিহীনতা, জন্মৰ নিম্ন হাৰ আৰু বৰ্দ্ধিত মৃত্যুৰ হাৰৰ বাবে সেই ঠাই এৰিছে।
মিডিয়াই কেৱল ধৰ্মীয় মেৰুকৰণৰ ওপৰত গুৰুত্ব দি আহিছে। “টিভিটো বন্ধ কৰি থওক, সম্প্ৰীতি ঘূৰি আহিব। বাতৰি কাকত শিক্ষিত লোকে পঢ়ে, কিন্তু টিভি সকলোৱে চায়,” জাকিৰে কয়।
জাকিৰৰ মতে, “নিৰ্বাচনত মূল বিষয়টো হ’ব লাগে মূল্যবৃদ্ধি। আটা, চাউল, দাইল, তেল…আদি আটাইবোৰ বস্তু মহঙা হৈ পৰিছে।”
ঝাৰখণ্ড জনাধিকাৰ মহাসভাৰ এগৰাকী সদস্য অশোকে কয়, “চাওতাল পৰগনাত মুছলমান আৰু আদিবাসীসকলৰ সংস্কৃতি, খাদ্যাভাসৰ মিল আছে আৰু তেওঁলোকে ইটোৱে সিটোৰ সৈতে উৎসৱ পালন কৰে। স্থানীয় আদিবাসী হাট-বজাৰলৈ গ’লে দুয়োটা সম্প্ৰদায়ৰে মানুহে মিলিজুলি বেপাৰ কৰি থকা আপুনি দেখিব।”
*****
২০২৪ৰ ১৭ জুনত মুছলমানসকলৰ বকৰিদ উৎসৱ উদযাপনৰ সময়ত গোপীনাথপুৰত উৎসৱ উপলক্ষে জন্তু বলি দিয়াক লৈ সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি হৈছিল। আজনাৰ দৰে এইখন গাঁৱো পাকুৰ জিলাতে অৱস্থিত আৰু হিন্দু-মুছলমান দুয়োটা সম্প্ৰদায়ৰে লোক তাত আছে। চুবুৰীয়া পশ্চিমবংগ ৰাজ্যখন জলসিঞ্চনৰ নলা এটাই ৰাজ্য দুখনক তাত পৃথক কৰিছে। প্ৰায়ভাগ লোকেই উপান্ত খেতিয়ক, কৃষি আৰু কৃষিশ্ৰমিক হিচাপে নিয়োজিত।


বাওঁফালে: নমিতা আৰু তেওঁৰ স্বামী দীপচন্দ মণ্ডল ২০২৪ৰ জুনত তেওঁলোকৰ ঘৰত হোৱা আক্ৰমণৰ সময়ত বাহিৰত আছিল। সোঁফালে: ক্ষতিৰ প্ৰমাণৰ বাবে ৰখা ফটোগ্ৰাফ, যি ফটো তেওঁলোকে ক্ষতিপূৰণ পোৱাৰ বাবে ব্যৱহাৰ কৰিব খোঁজে


বাওঁফালে: নমিতাৰ ঘৰৰ বাহিৰত থকা পাকঘৰটো ভাঙি পেলোৱা হৈছিল। সোঁফালে: জলসিঞ্চনৰ ডাঙৰ নলা এটাই ঝাৰখণ্ডক পশ্চিমবংগৰ পৰা পৃথক কৰে
গান্ধাইপুৰ পঞ্চায়তৰ ১১ নং ৱাৰ্ডলৈ আৰক্ষী মতা হৈছিল। পৰিস্থিতি শাম কটা যেন লাগিল যদিও পিছদিনা আকৌ গা কৰি উঠিল। “মানুহৰ ভীৰ এটাই শিল দলিয়াইছিল,” ঘটনাস্থলীত ১০০-২০০ জন আৰক্ষী আহি উপস্থিত হোৱা দেখা স্থানীয় বাসিন্দা সুধীৰে কয়। “সকলো ধোঁৱাৰে বিয়পি পৰিছিল,” তেওঁ মনত পেলায়, “ভীৰটোৱে মটৰ চাইকেল আনকি পুলিচৰ বাহন এখনতো জুই লগাই দিছিল।”
নমিতা মণ্ডল আৰু তেওঁৰ জীয়ৰীজনী ঘৰতে আছিল, যেতিয়া বিস্ফোৰণৰ শব্দ আহি তেওঁলোকৰ কাণত পৰিছিল। “হঠাতে আমাৰ ঘৰত বৰষুণ পৰাদি শিল পৰিবলৈ ধৰে। আমি ভিতৰলৈ দৌৰ মাৰিছিলো,” তেওঁৰ কণ্ঠৰ পৰা এতিয়াও সেই ভয় আঁতৰি যোৱা নাই।
তেতিয়া মানুহৰ দল এটা আহি তলা ভাঙি তেওঁলোকৰ ঘৰত আহি সোমায়। মাক আৰু জীয়েক দুয়োজনীকে সিহঁতে মাৰধৰ কৰিবলৈ লয়। “সিহঁতে মোক ইয়াত-তাত মাৰিছিল,” কঁকাল আৰু কান্ধলৈ দেখুৱাই ১৬ বছৰীয়া ছোৱালীজনীয়ে কয়। “এতিয়াও বিষ এটা আছে।” মানুহবোৰে তেওঁলোকৰ পাকঘৰটো ভাঙি পেলাইছিল, সেইটো মূল ঘৰটোৰ কাষতে পৃথকে আছিল, ঠাইটুকুৰা দেখুৱাই দি নমিতাই পাৰিক কয়।
মুফাচিল থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় কুমাৰ ঝায়ে ঘটনাটো সন্দৰ্ভত কয়, “ইমান ক্ষতি হোৱা নাছিল। এটা জুপুৰি জ্বলাই দিয়া হৈছিল আৰু অলপ-চলপ ভাঙিছিল। কাৰো মৃত্যু হোৱা নাছিল।”
৩২ বৰ্ষীয় নমিতা ঝাৰখণ্ডৰ পাকুৰ জিলাৰ গোপীনাথপুৰত পৰিয়ালৰ সৈতে থাকে। অঞ্চলটোত বহু পৰিয়ালে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি তাত বাস কৰি আহিছে। “এয়াই আমাৰ ঘৰ, আমাৰ মাটি,” তেওঁ দৃঢ় কণ্ঠৰে কয়।


বাওঁফালে: সেই আক্ৰমণৰ পিছৰপৰা হেমা মণ্ডলে নিৰাপত্তাহীনতাত ভূগিছে। ‘আগতে হিন্দু-মুছলমান বুলি কোনো সাম্প্ৰদায়িক উত্তেজনা নাছিল, এতিয়া ভয় লাগিয়েই থাকে,’ তেওঁ কয়। সোঁফালে: তেওঁৰ পাকঘৰটো ভাঙি পেলোৱা হৈছিল


বাওঁফালে: ‘ইয়াত মুছলমানসকলে হিন্দুৰ কাষত থিয় দিয়ে,’ ৰিহান শ্বেইখে কয়। সোঁফালে: ম’বাইল ফোনত ঘটনাটোৰ ভিডিঅ’ এটা তেওঁৰ আছে
পাকুৰ জিলাৰ গান্ধাইপুৰ পঞ্চায়তৰ এটা অংশ গোপীনাথপুৰ হিন্দুপ্ৰধান অঞ্চল, জিলা পৰিষদৰ এগৰাকী সদস্য পিংকী মণ্ডলে কয়। নমিতাৰ স্বামী দীপচন্দৰ পৰিয়ালটো ইয়াত পাঁচটা প্ৰজন্ম ধৰি বাস কৰি আহিছে। “আগতে ইয়াত হিন্দু-মুছলমান বুলি সাম্প্ৰদায়িক উত্তেজনা নাছিল, কিন্তু বকৰিদৰ ঘটনাটোৰ পৰা পৰিস্থিতি শোচনীয় হৈ গৈ আছে,” ঘটনাৰ সময়ত আন দুই সন্তানৰ সৈতে আঁতৰত থকা ৩৪ বৰ্ষীয় দীপচন্দে কয়।
“কোনোবাই পুলিচ মাতিছিল, নাইবা কোনোবাই জানিছিল যে আমাৰ পৰিণতি কি হ’ব পাৰে,” নমিতাই কয়। দুটা সপ্তাহৰ পিছত তেওঁ শাহুৱেকৰ ঘৰৰ পৰা ৫০,০০০ টকা ধাৰে আনি খিৰিকী আৰু দুৱাৰত গ্ৰিল লগাইছিল। “গ্ৰিল নাথাকিলে আমি নিৰাপদ অনুভৱ নকৰিলোহেঁতেন,” দিনহাজিৰা কৰা দীপচন্দে কয়। “সেইদিনা কামলৈ নোযোৱা হ’লে ভাল আছিল,” তেওঁ যোগ দিয়ে।
হেমা মণ্ডলে বাৰান্দাতে তেন্দু পাতেৰে বিড়ি নুৰিয়াই আছে। “আগতে হিন্দু-মুছলমান বুলি কোনো উত্তেজনা নাছিল, এতিয়া সকলো সময়তে ভয় এটা লাগি থাকে।” জলসিঞ্চনৰ নলাত পানী কমিলে “আকৌ কাজিয়াবোৰ আৰম্ভ হ’ব।” পশ্চিমবংগৰ ফালৰ মানুহে সীমাৰ সিপাৰৰ পৰা ভাবুকি দিয়ে। “ছয় বজাৰ পাছত এই ৰাস্তাটো নীৰৱ হৈ পৰে,” তেওঁ কয়।
বিতৰ্কৰ কেন্দ্ৰ হৈ পৰা নলাটোৰ কাষেৰে যোৱা বাটটোৰে হেমাৰ ঘৰ পায়। পিছবেলা সময়ত অঞ্চলটো পৰিত্যক্ত হৈ পৰে। সন্ধ্যা লগাৰ পিছত একেই অৱস্থা। পৰিত্যক্ত অঞ্চলটোত সন্ধিয়া পোহৰৰ বাবে কোনো ষ্ট্ৰীটলাইটৰ ব্যৱস্থা নথকা হেতুকে গোটেইখন অন্ধকাৰত নিমজ্জিত হৈ থাকে।
নলাটোৰ কথা উল্লেখ কৰি ২৭ বৰ্ষীয় ৰিহান শ্বেইখে কয়, “ঘটনাটোত জৰিত লোকসকলৰ প্ৰায়ভাগেই সিটো ফাল (পশ্চিমবংগ)ৰ আছিল। ইয়াত মুছলমানসকলে হিন্দুৰ কাষত থিয় দিয়ে।” ৰিহান এগৰাকী ভেৰোণীয়া খেতিয়ক আৰু তেওঁ ধান, ঘেঁহু, সৰিয়হ আৰু মাকৈৰ খেতি কৰে। তেঁৱেই সাতজনীয়া পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী।
মানুহক উত্তেজিত কৰা বিজেপিৰ ভাষণ প্ৰসংগত তেওঁ এই প্ৰতিবেদকক কয়, “প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি আমি এই ঠাইত বাস কৰি আহিছো। আমি কি বাংলাদেশী?”
অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি