আহমেদাবাদৰ অ’ল্ড চিটিৰ ব্যস্ত গলিবোৰেৰে সমীৰুদ্দিন শ্বেইখে দিনে দুবাৰ চাইকেলখন লৈ অহা-যোৱা কৰে। তেওঁৰ জুহাপুৰৰ ফাতেহৱাৰিৰ পৰা তাজ এনভেলপচ্ - তেওঁৰ কৰ্মস্থলীলৈ ১৩ কিলোমিটাৰ যাত্ৰা সম্পূৰ্ণ কৰে। এবাৰত তেওঁক প্ৰায় এঘণ্টা লাগে। “মটৰচাইখেলখন মই নানো, পেট্ৰ’ল বহুত খায়,” ৩৬ বছৰীয়া মৃদুভাষী সমীৰুদ্দিনে তেওঁৰ চাইখেলখন থোৱাৰ সময়ত কয়।
পুৰণি চহৰখনৰ খাৰিয়া নামৰ ঠাই এখনৰ শ্বপিং কমপ্লেক্স এটাৰ বেচমেণ্টৰ ১০ বাই ২০ ৰুম এটাত তেওঁ দিনটো আৰম্ভ আৰু শেষ হয়। তেওঁ প্ৰায় আন ১০ জনৰ সৈতে লগ লাগি চিঠিৰ খাম বনায়। তেওঁ নিজে দিনটোত ৬ৰ পৰা ৭ হাজাৰ খাম বনাব পাৰে।
খাম এটা বনোৱাটো দেখাত যিমান সহজ, সিমান সহজ নহয়। “এই কামটো শিকিবলৈ ডেৰৰ পৰা দুই বছৰ সময় লাগে,” সমীৰুদ্দিনে কয়। “ওস্তাদে (জ্যেষ্ঠ কাৰুশিল্পী আৰু গুৰুজনে আপোনাৰ কামৰ গুণগত মান ভাল বুলি মোহৰ নমৰালৈকে আপুনি স্বতন্ত্ৰ কৰ্মী হিচাপে স্বীকৃতি নাপায়,” তেওঁ বুজাই কয়।
গুণগত মান আনে ক্ষীপ্ৰতা, নিখুঁততা, নৈপুণ্য আৰু সঁজুলিৰ জ্ঞানৰ সঠিক সমাহাৰৰ কথা কোৱা হৈছে। কটা আৰু পাঞ্চিঙৰ কাৰণে দুটা মেচিনৰ বাদে বাকী আটাইবোৰ কাম হাতেৰে কৰা হয়।
প্ৰায়ভাগ সময়ত মেচিন দুটা ৱৰ্কশ্বপটোৰ মালিকেই চলায়। ডাঙৰ আকাৰৰ কাগজবোৰ সৰু সৰু পূৰ্বনিৰ্ধাৰিত আকাৰত কটা হয় আৰু খামৰ কাগজবোৰ বিভিন্ন সাঁচত ঢালিবলৈ বিশেষ সাঁচ কটা সঁজুলি ব্যৱহাৰ কৰা হয়। বনুৱাই কাগজবোৰ হিচাপ কৰে আৰু এবাৰত এশখন ভাঁজ কৰা, আঠা লগোৱা, চিল কৰা আৰু পেকিং কৰা কাম কৰে।


বাওঁফালে: সমীৰুদ্দিন শ্বেইখে অ’ল্ড চিটিৰ পৰা খাৰিয়াত থকা তাজ এনভেলপলৈ চাইকেল চলাই আহে। সোঁফালে: শ্বপিং কমপ্লেক্স এটাৰ বেচমেণ্টত থকা তাজ এনভেলপ ৱৰ্কশ্বপত মজিয়াতে বহি কাম কৰি থকা ব্যস্ত কাৰুশিল্পী
এই কামটো বহুত সযতনে কৰিবলগীয়া হয়। খামটোৰ প্ৰতিটো অংশৰেই নিৰ্দিষ্ট এটা নাম আছে - মাথু (খামৰ একেবাৰে ওপৰৰ অংশ), পেণ্ডি (ফ্লেপখনৰ তলৰ অংশ), ধাপা (ফ্লেপৰ যিটো অংশত আঠা লগোৱা হয়), খোলা (আঠা লগোৱা অংশত যিটো ফাল লগোৱা হয় সেইটো)। প্ৰক্ৰিয়াটোত নিৰ্দিষ্ট নাম থকা প্ৰতিটো ঢাপ কঠোৰভাৱে অনুসৰণ কৰিব লাগিব। সঁজুলিবোৰ ব্যৱহাৰৰ জ্ঞান থাকিব লাগিব, সাৱধানে ব্যৱহাৰ নকৰিলে আঘাত পাব পাৰে।
চাইড ফ্লেপকেইটা যেতিয়া ভাঁজ কৰা হয়, কৰ্মীয়ে নিজৰ হাতৰ মুঠি ব্যৱহাৰ কৰে আৰু তাৰপাছত শিল এটাৰে কাষকেইটা কোবাই ভাঁজবোৰ স্পষ্ট হ’বলৈ দিয়ে। ভাঁজ কৰিবলৈ ব্যৱহাৰ কৰা শিলটো আগতে পটাগুটি আছিল। এতিয়া গধুৰ লো এচটা ব্যৱহাৰ কৰা হয়। “শিকি থকা সময়ত পাথৰটো মোৰ আঙুলিত লাগিছিল,” ৫১ বছৰীয়া আব্দুল মুত্তাবিল আনচাৰিয়ে কয়। “আঙুলিৰ পৰা তেজ ওলাই আহি ছিটিকি বেৰত পৰিছিল। তেতিয়া ওস্তাদে মোক ক’লে যে যদি ভাল শিল্পী হ’বলৈ হ’লে গাৰ জোৰেৰে নহ’ব, কৌশল শিকিব লাগিব।
শিলটোৰ ওজন প্ৰায় এক কিলোগ্ৰাম। “এটা সাধাৰণ খামত আপুনি এই শিলটো চাৰিৰ পৰা পাঁচবাৰ ব্যৱহাৰ কৰিব লাগিব,” আব্দুল মুত্তাবিল আনচাৰিয়ে কয়। “কাগজখন কিমান ডাঠ, সেইমতে তাৰ ওপৰত কাম কৰিব লাগিব। পাথৰটো আপুনি কিমানখিনি দাঙিব, কিমান জোৰেৰে মাৰিব, এই সকলোবোৰ আপুনি নিজে কৰি কৰি শিকিব লাগিব,” ৫২ বছৰীয়া আব্দুল গুফৰ আনচাৰিয়ে কয়। “এটা খাম কোনো এটা সময়ত ১৬ৰ পৰা ১৭ খন হাত বাগৰে। আঙুলি কটা যোৱাৰ সম্ভাৱনা সদায়েই বেছি থাকে। আকৌ কটা আঙুলিত যদি আঠা লাগে, তেতিয়া আকৌ বেছি জ্বলে,” তেওঁ যোগ দিয়ে।
খাম বনোৱা মুস্তানচিৰ উজ্জয়িনী (৬৪)য়ে কয় যে তেওঁ আঙুলি কাটিলে তাত গৰম ককাম তেল লগায়। কিছুমানে ভেচলিন নাইবা নাৰিকলৰ তেল দিয়ে। কি কাগজৰ কাম কৰি আছে, তাৰে ওপৰত নিৰ্ভৰ কৰি কাম কিমান কঠিন হ’ব সেয়া জনা যায়। “ডাঠ কাগজ (১২০ জি.এছ.এম.ৰ আৰ্ট পেপাৰ)ৰ কাম কৰিবলগা হ’লে হাতত দুখ পাও। তেতিয়া সাত-আঠ মিনিটমানৰ বাবে গৰম পানীত হাতদুখন ডুবাই থৈ সকাহ পাও,” সোনাল এনভেলপচৰ মহম্মদ আচিফে কয়। “বতৰ ঠাণ্ডা হ’লেও হাতত দুখ পাও। তেতিয়া সকাহ পাবলৈ গৰম পানী ব্যৱহাৰ কৰো,” সমীৰুদ্দিন শ্বেইখে কয়।


বাওঁফালে: সোনাল এনভেলেপচৰ মহম্মদ আচিফ শ্বেইখে ধাপাত শিলেৰে কোবাই ভাঁজ কৰিছে। সোঁফালে: মুস্তানচিৰ উজ্জয়িনীয়ে দুখ পোৱা হাত দুখনত ককুম তেল লগাইছে
এই কামটোত কাৰুশিল্পীসকলে মজিয়াত দীঘলীয়া সময়ৰ বাবে বহি থাকিবলগীয়া হয়। “আমি পুৱা ৯ বাজি ৩০ মিনিটত কামত বহো আৰু দুপৰীয়াৰ আহাৰৰ সময়ৰ আগলৈকে নুঠো। পিঠি বিষায়, আনকি গধুলি উঠাৰ সময়তো,” সমীৰুদ্দিনে কয়। একেটা ভংগীতে বহি দীৰ্ঘসময় কাম কৰি থকাৰ ফলত তেওঁৰ ভৰিৰ সৰুগাঁঠিত ঘাঁ লাগি গৈছে। “সকলোৰে এনে হয়,” মজিয়াত ভৰি কোঁচাই বহি থকাৰ ফলত এনে হয় বুলি তেওঁ কয়। “ভৰিকেইখনত জোৰ নিদিবলৈ চেষ্টা কৰিলে আকৌ পিঠি বিষায়,” তেওঁ যোগ দিয়ে।
ইমান কটা-চিঙা আৰু বিষ হোৱা স্বত্ত্বেও এই কামত আয় কম। ৩৩ বছৰীয়া মোহচিন খান পাঠানৰ বাবে এইটো উদ্বিগ্নতাৰ কাৰণ, তেওঁ কয়, “মোৰ পৰিয়ালটো কেৱল মোৰ ওপৰত নিৰ্ভৰ কৰি চলে। ঘৰভাৰা ৬,০০০ টকা। এদিনত চাহ-বিস্কুটত ৫০ টকা যায়, আৰু ৬০ টকা বাছ-অটোৰ ভাৰাত যায়।” তেওঁৰ চাৰিবছৰীয়া জীয়েকে অলপতে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰিছে। “স্কুলৰ মাচুল বছৰি ১০ হাজাৰ টকা,” তেওঁ খামবোৰ ভাঁজ কৰি থকাৰ মাজতে চিন্তিত হৈ কয়।
সমীৰুদ্দিনৰ পৰিয়ালৰ সদস্য ছজন - তেওঁৰ পত্নী, তিনি সন্তান আৰু বয়োবৃদ্ধ পিতৃ। “ল’ৰা-ছোৱালীকেইটা ডাঙৰ হৈ আহিছে,” তেওঁ কয়, “আৰু এই খাম বনোৱা কামটোৰ পৰা আয় বেছি নাই। ঘৰখন চলাব পাৰি, কিন্তু ৰাহি কৰিব নোৱাৰি।” তেওঁ বিকল্প কাম বিচাৰি আছে আৰু অটোৰিক্সাৰ অনুজ্ঞাপত্ৰ এখন পোৱাৰো চিন্তা কৰিছে। অটোৰিক্সা এখন কিনিব পাৰিলে আয় বেছি হ’ব বুলি তেওঁ ভাবে। “খাম বনোৱা কামটোত পইচা পোৱাটোৰো নিশ্চিতি নাই। কাম নথকা দিনত সন্ধিয়া দুই-তিনি বজাত কাম শেষ হয়। চাওক, আমিতো কমিচনতহে কাম কৰো। নিৰ্দিষ্ট বুলি দৰমহা নাই,” তেওঁ যোগ দিয়ে।


কৰ্মীসকলে একেবহাতে একে ভংগীতে প্ৰায়ভাগ সময় কটায়। সমীৰুদ্দিন শ্বেইখে কয় যে ভৰি কোঁচাই বহি বহুসময় ধৰি কাম কৰি থকাৰ ফলত তেওঁৰ ভৰিত ঘাঁ হৈ গৈছে। মুস্তানচিৰ উজ্জয়িনী (সোঁফালে) আৰু আন দুই কৰ্মীয়ে মজিয়াত বহি কাম কৰিছে
খাম বনোৱাসকলৰ সংস্থা এটা ১৯৮৮ত বনোৱা হৈছিল। কেতিয়াবা সংস্থাটো সক্ৰিয় আছিল, কেতিয়াবা নিষ্ক্ৰিয় আৰু এটা সময়ত ভংগ হৈ থাকিল। কোনদিনা সংস্থাটো ভংগ হ’ল কৰ্মীসকলে নাজানে, কিন্তু কয় যে তেওঁলোকৰ কিছুমানে সংস্থাটো কেইবছৰমান আগেয়ে পুনৰোদ্ধাৰ কৰিছিল আৰু বাৰ্ষিক দৰমহা বৃদ্ধিৰ লগতে ৱৰ্কশ্বপৰ মালিকৰ পৰা ১০ শতাংশ মুদ্ৰাস্ফীতি, বানচ, আৰু ছুটি আদি তেওঁলোকৰ কাম হিচাপত বিচাৰিছিল।
আহমেদাবাদত এই উদ্যোগটো পুৰুষৰ আধিপত্য চলে - খাম বনোৱা এগৰাকীহে মহিলা আছে।
পাৰিশ্ৰমিক সাপ্তাহিক হিচাপত দিয়া হয় আৰু কিমানটা খাম বনোৱা গ’ল, সেইমতে পইচা পোৱা যায়। তাৰ লগতে খামৰ আকাৰ আৰু কিমান ডাঠ, সেয়াও নিৰ্ভৰ কৰে। সাধাৰণ ১,০০০ টা খাম বনোৱাৰ বাবদ ৩৫০ টকা, আৰ্ট পেপাৰৰ পৰা বনালে ৪৮৯ টকা পায়। কৰ্মী এজনে এদিনত তেওঁলোকৰ কামৰ ক্ষীপ্ৰতা আৰু খামৰ চাহিদা আৰু খামৰ প্ৰকাৰ অনুসৰি ২ৰ পৰা ৬ হাজাৰ টকা উপাৰ্জন কৰিব পাৰে।
অফিছ-কাছাৰীৰ খাম এটাৰ আকাৰ: ১১ x ৫ ইঞ্চি, ওজন ১০০ জি.এছ.এম. (গ্ৰাম প্ৰতি বৰ্গমিটাৰ)।
১০০জি.এছ.এম.ৰ ১০০০ টা খাম বনোৱাৰ বাবে এজন শ্ৰমিকক প্ৰায় ১০০ টকা দিয়া হয়। আন ভাষাত তেওঁ বিক্ৰীমূল্যৰ এক পঞ্চদশতম অংশ পায়
এজন কাৰুশিল্পীযে এশ টকা উপাৰ্জন কৰিবলৈ দুঘণ্টা সময় লাগে।

তাজ এনভেলপৰ এছ . কে . শ্বেইখে মেচিনত কাগজখিনি কটাৰ আগেয়ে চাৰিকোণীয়া শ্বীটবোৰৰ ওপৰত সঁজুলিবিধ বহুৱাই লৈছে

কাগজ ভাঁজ কৰাৰ বাবে সাজু কৰিবলৈ কটাৰ বাবে ব্যৱহাৰ কৰা পাঞ্চিং মেচিনটো চলাইছে ওম ট্ৰেডাৰ্চৰ কৰ্মী মকবুল আহমদ জামালুদ্দিন শ্বেইখ

ধাতুৰ ফ্ৰেমৰ ( ডাই বুলি কোৱা হয় ) বিভিন্ন আকৃতি পাঞ্চিং মেচিনত ব্যৱহাৰ কৰা হয়

ওম ট্ৰেডাৰ্ছৰ কাৰুশিল্পীসকলে শ্বীটবোৰ গণিছে আৰু ভাঁজ কৰিবলৈ বুলি ১০০ টাৰ দ ’ ম এটা বনাইছে

কৰ্মীসকলে প্ৰথমতে কাগজৰ শ্বীটবোৰ ভাঁজ কৰি আকাৰ দিয়ে । প্ৰতিটো ফ্লেপৰে নিজাকৈ নাম আছে - মাথু ( ওপৰৰ ফ্লেপ ), পেণ্ডি ( তলৰ ফ্লেপ ), ধাপা ( সোঁফালৰ ফ্লেপ , য ’ ত আঠা লগোৱা হ ’ ব ), খোলা ( আঠা লগোৱা অংশত যিটো ফাল লগোৱা হয় সেইটো ) । তাজ এনভেলপৰ ভিকভাই ৰাৱলে এক্সৰে ভৰাব পৰা ডাঙৰ খাম এটাৰ পেণ্ডি ভাঁজ কৰি আছে

সমীৰ খামৰ আব্দুল মজীদ আব্দুল কৰিম শ্বেইখ ( বাওঁফালে ) আৰু য়ুচুফ খান চতুখান পাঠানে তেওঁলোকৰ হাতৰ তলুৱাৰে ধাপা আৰু পেণ্ডিত মাৰি ভাঁজ দিবলৈ চেষ্টা কৰিছে

ধ্ৰুৱ এনভেলপৰ মহম্মদ ইলিয়াচ শ্বেইখে চাইড ফ্লেপত হাতৰ মুঠিৰে মাৰিছে । তেওঁ এবাৰত ১০০ টা এনভেলপৰ কাম কৰে আৰু একেটা কাম ১৬ বাৰ কৰে , তেনেকৈ তেওঁ হাতত দুখ পায়

তাজ এনভেলপৰ আব্দুল গফৰ গুলাবভাই মনচুৰিয়ে তলৰ ফ্লেপ ভাঁজ কৰিবলৈ মাল তোড়ভানো পাথৰ ( ফ ’ ল্ডিং কৰা পাথৰ ) ব্যৱহাৰ কৰে

কাৰুশিল্পীগৰাকীয়ে চিলাচ বোলা কাঠৰ সঁজুলি এবিধ ব্যৱহাৰ কৰি এনভেলপৰ সঠিক ফালটোত আঠা লগাব পৰাৰ সুবিধা কৰি লয়

তাজ এনভেলপত আব্দুল মুত্তাবিল মহম্মদ ইব্ৰাহিম আনচাৰিয়ে ৰেগজিনৰ ভিতৰত কাপোৰৰ টুকুৰা লগাই বনোৱা সঁজুলি এবিধেৰে কাভাৰবোৰত লাই ( ময়দা নাইবা তেতেলীৰ বীজেৰে বনোৱা আঠা ) লগাইছে

সমীৰুদ্দিন শ্বেইখে ধাপা ( খামৰ কাগজৰ সোঁফালৰ ফ্লেপ ) ত আঠা লগাইছে । তেওঁ এবাৰত ১০০ টা খামৰ কাম কৰে

তাজ এনভেলপত কাম কৰা ভিখাভাই ৰাৱলে সোঁফালৰ ফ্লেপ খোলাত আঠা লগাবলৈ কাগজ ভাঁজ কৰিছে

ধ্ৰুৱ এনভেলপত মহম্মদ ইলিয়াচ শ্বেইখে কাভাৰৰ তলভাগত আঠা লগোৱা পেণ্ডি লগাই চিল কৰিছে

ওম ট্ৰেডাৰ্ছত কাৰুশিল্পীয়ে দুপৰীয়াৰ আহাৰ খাইছে । দিনটোৰ এইখিনি সময়তে তেওঁলোকে কাম বন্ধ কৰে

আব্দুল মুত্তালিব মহম্মদ ইব্ৰাহিম আনচাৰিয়ে তাজ এনভেলপত বনোৱা ডাঙৰ আকাৰৰ লেমিনেচন কাভাৰ দেখুৱাইছে

১০০ টা খাম সাজু কৰিবলৈ এজন বনুৱাক ছয়ৰ পৰা সাত মিনিট লাগে । শাৰদাবেন ৰাৱল ( বাওঁফালে ) য়ে যোৱা ৩৪ বছৰ ধৰি কাম বনাই আহিছে । তেওঁ গিৰীয়েক মংগলদাস ৰাৱল ( সোঁফালে ) ৰ পৰা সেই কাম শিকিছিল

খাম এটা সাজু কৰা সমগ্ৰ প্ৰক্ৰিয়াটোত খামটো ১৬ খন পৰ্য্যন্ত হাত বাগৰে । আঙুলিৰ কটা - ছিঙা হোৱাৰ সম্ভাৱনা বহুত বেছি । কালীম শ্বেইখে তেওঁৰ আঘাত পোৱা বুঢ়া আঙুলিটো দেখুৱাইছে

কটা - ছিঙা আঙুলিত লাই ( নিজে বনোৱা আঠা ) লাগিলে জ্বলে আৰু বিষায় । ধ্ৰুৱ এনভেলপৰ কালীম শ্বেইখে তেওঁ অলপতে পোৱা আঘাতবোৰ দেখুৱাইছে

তাজ এনভেলপৰ হানিফ খান বিছমিল্লা খান পাঠানে খোলা ফ্লেপৰ কাভাৰবোৰ এঠাইত জমা কৰিছে

মহম্মদ হানিফ নুৰগানি শ্বেইখে ওপৰৰ ফ্লেপটো জপাই খামবোৰ বন্ধ কৰিছে । তেওঁ বৰ্তমান খামৰ কাম কৰা বনুৱাৰ ইউনিয়নৰ সভাপতি

কাম কৰি শেষ হোৱা খামবোৰ হানিফে এশ এশটাৰ বাণ্ডিল কৰিছে

শাৰদাবেন ৰাৱলে খামবোৰ কাৰ্ত্তনৰ বাকচ থৈছে । তেওঁত বাদে আমমেদাবাদৰ ৩৫ টা খামৰ ৱৰ্কশ্বপত আন কোনো মহিলা নাই

ৰাৱল দম্পতিয়ে ধ্ৰুৱ এনভেলপৰ মালিক জীতেন্দ্ৰ ৰাৱলক কামৰ হিচাপ দিছে । তেওঁলোকে সপ্তাহটোৰ শেষত শনিবাৰে পইচা পাব

আহমেদাবাদত খামৰ কাম কৰা বনুৱা আৰু নিৰ্মাতাৰ ইউনিয়নৰ মাজত আলোচনাৰ পিছত ২০২২ৰ জানুৱাৰীৰ পৰা ২০২৩ৰ ডিচেম্বৰলৈ খাম বনোৱা বনুৱাৰ দৰমহা বৃদ্ধিৰ এখন তালিকা । ২০২২ত বনুৱাৰ পাৰিশ্ৰমিক ৬ শতাংশ বঢ়োৱা হৈছিল
লিখকে তেওঁৰ এই প্ৰতিবেদন প্ৰস্তুতিত সহায় কৰা হোজেফা উজ্জয়িনীক ধন্যবাদ জনাইছে ।
অনুবাদ: পংকজ দাস