মায়ে প্ৰায়েই মোক কৈছিল, "কুমাৰ, মই সেই মাছৰ চৰিয়াটো তুলি নোলোৱা হ'লে আজি আমি ইমান দূৰ নাপালোঁহেঁতেন।" মোৰ জন্মৰ পিছৰ বছৰৰ পৰাই মায়ে মাছ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল। তেতিয়াৰ পৰা আজিলৈকে মোৰ জীৱনটো মাছকেন্দ্ৰিক হৈ পৰিছে।
আমাৰ পাকঘৰটো মাছৰ গোন্ধেৰে ভৰি পৰিছিল। এটা চুকত সদায় ওলমি আছিল শুকান মাছৰ মোনা এটা। প্ৰথম বৰষুণৰ পিছত মায়ে কাৰ্প মাছৰ আঞ্জা ৰান্ধিছিল। মাছৰ এই আঞ্জাই পানীলগা জ্বৰ দূৰ কৰাত সহায় কৰে। মায়ে যেতিয়া মাগুৰ মাছ ৰান্ধে, তেতিয়া গোটেই ঘৰখন ভাললগা গোন্ধেৰে ভৰি পৰে।
সৰুতে মই কেতিয়াবা স্কুল এৰি মাছ ধৰিবলৈ গৈছিলো। সেই সময়ত মাদুৰাইৰ জৱাহৰলালপুৰম অঞ্চলৰ চাৰিওফালে পানী আছিল। জিলাখনৰ বিভিন্ন প্ৰান্তত বহু খাল, নদী, বিল, পুখুৰী আছিল। আগতে দাদাৰ লগত এটা পুখুৰীৰ পৰা আনটো পুখুৰীলৈ গৈছিলো। আমি এটি পাচিসদৃশ যতনো লৈ ফুৰিছিলো আৰু সেইটোৰেও মাছ ধৰিছিলো। তাৰোপৰি আমি নদীৰ পাৰলৈ গৈ জালো পাতিছিলোঁ।
পানীলৈ গৈ যাতে দুষ্টামি নকৰো তাৰ বাবে মায়ে আমাক ভূতৰ কাহিনী কৈ ভয় খুৱাইছিল, কিন্তু পানীয়ে সদায়েই আমাক হাতবাউলি মাতিছিল আৰু সুযোগ পালেই আমি পানীৰ ওচৰ পাইছিলো। মই গাঁৱৰ আন ল’ৰাবোৰৰ লগত মাছ ধৰিছিলো। মই দশম শ্ৰেণী পাছ কৰা বছৰটোত পানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল আৰু ওফন্দি উঠা পানীয়ে পথাৰসমূহ বুৰাই পেলাইছিল।
আমাৰ গাঁও জৱাহৰলালপুৰমত তিনিখন বিল আছে — এখন ডাঙৰ বিল, এখন সৰু বিল আৰু মৰুথানকুলাম বিল। আমাৰ ঘৰৰ ওচৰতে থকা ডাঙৰ আৰু সৰু বিল দুখন গাঁৱৰ মানুহক লীজলৈ দিয়া হৈছিল। লীজলৈ লোৱাসকলে তাত মাছ পালন কৰিছিল আৰু সেয়াই আছিল তেওঁলোকৰ জীৱন-জীৱিকা। মাছৰ পোনা এৰাৰ বাবে উপযুক্ত সময় বুলি ধৰা হোৱা থাই মাহত (অসমীয়া মাঘ মাহ, ইংৰাজী কেলেণ্ডাৰ মতে জানুৱাৰী মাহৰ মাজভাগ আৰু ফেব্ৰুৱাৰী মাহৰ মাজভাগ) দুয়োখন বিলতে মাছ এৰি দিয়া হৈছিল।
দেউতাই মাছ কিনিবলৈ গ’লে ময়ো তেওঁৰ পিছে পিছে গৈছিলোঁ। চাইকেলখনৰ পিছফালে আছিল মাছ কঢ়িয়াব পৰা এটা বাকচ। দেউতাই মাছ কিনিবলৈ গাঁৱে গাঁৱে ঘূৰি ফুৰিছিল, প্ৰতিদিনে ২০-৩০ কিলোমিটাৰ পৰ্যন্ত যাত্ৰা কৰিছিল।

মাৰ্চ মাহত মাছ ধৰা উৎসৱত মাদুৰাই জিলাৰ কল্লান্ধিৰি গাঁৱৰ এখন বিলত গাঁওবাসীয়ে মাছ ধৰাৰ দৃশ্য
মাদুৰাই জিলাৰ বহু বিলত মাছ ধৰা উৎসৱ পালন কৰা হয় আৰু ওচৰৰ গাঁৱৰ লোকে মাছ ধৰিবলৈ বিলখনলৈ আহে। এই উৎসৱত ভাল বৰষুণ, ভাল ফচল আৰু মানুহৰ সুখ-সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰা হয়। লোকবিশ্বাস অনুযায়ী কৰে যে মাছ ধৰাৰ ফলত বৰষুণ ভাল হয় আৰু এই উৎসৱ পালন নকৰিলে খৰাং পৰিস্থিতিয়ে দেখা দিয়াৰ সম্ভাৱনা থাকে।
মায়ে সদায়ে কৈছিল যে মাছ ধৰা এই উৎসৱৰ সময়ত মাছৰ ওজন আটাইতকৈ বেছি হয়, গতিকে লাভো হয়। মানুহে প্ৰায়ে জীয়া মাছহে কিনিবলৈ পছন্দ কৰে। অফ-ছিজনত মাছৰ ওজন কমি যায় আৰু মাছো বেছিকৈ ধৰিব পৰা নাযায়।
মাছ বিক্ৰী কৰিয়ে আমাৰ গাঁৱৰ বহু মহিলাই জীৱন-যাপন কৰি আহিছে, বিশেষকৈ স্বামীহাৰা মহিলাসকলে ইয়াৰ জৰিয়তে নতুন জীৱন লাভ কৰিবলৈ সমৰ্থ হৈছে।
মাছেই মোক এজন ভাল ফটোগ্ৰাফাৰ হ’বলৈ শিকালে। ২০১৩ চনত কেমেৰাটো লোৱাৰ পিছত মাছ কিনিবলৈ যাওঁতেও লগত লৈ গৈছিলো। কেতিয়াবা মাছ কিনিবলৈ পাহৰি মাছৰ ফটোকেই তুলি থাকিছিলো। বজাৰত ৰৈ থকা মায়ে ফোন নকৰালৈকে মই সকলো পাহৰি গৈছিলোঁ আৰু পিছত মায়ে মোক দেৰি হোৱা বুলি খং কৰাতহে মই সম্বিৎ ঘূৰাই পাইছিলো। মানুহে মাছ কিনিবলৈ ৰৈ আছে বুলি মায়ে কোৱাৰ লগে লগে মই মই লৰালৰিকৈ মাছ কিনিছিলো।
জলাশয়বোৰত কেৱল মাছমীৰায়াই নাছিল। জলাশয়বোৰত চৰাই-চিৰিকটি আৰু গৰু-ম’হো আছিল। টেলি লেন্স এখন কিনি বগলী, হাঁহ, সৰু চৰাই তথা আন জলজ প্ৰাণীৰ ফটো তুলিবলৈ আৰম্ভ কৰিলো। এনেদৰে চৰাই চাই আৰু চৰাইবোৰ ফটো তুলি মই প্ৰচুৰ আনন্দ লভিছিলো।
আজিকালি আগৰ দৰে বৰষুণো নহয় আৰু জলাশয়বোৰত পানীও নাই। সেয়ে মাছো নাই।
*****

নিজে ধৰা কাম্মাপাৰাই মাছ দেখুৱাইছে চেন্থিল কালই। তেওঁ ফটো উঠি ভাল পায়
কেমেৰাটো কিনাৰ পিছতেই মই মাছমৰীয়া পিচাই আন্না, মক্কা আন্না, কাৰ্তিক, মৰুধু, সেনথিল কালই - বিলত জাল পেলোৱা মাছমৰীয়াসকলৰ ফটো তুলিবলৈ ধৰিলো। জালেৰে মাছ ধৰি বহু কথা শিকিলো। আটাইকেইজনেই মাদুৰাইৰ ইষ্ট ব্লকৰ পুডুপট্টি গাঁৱৰ বাসিন্দা। প্ৰায় ৬০০ জনীয়া এই গাঁওখনৰ অধিকাংশ অৰ্থাৎ ৫০০ লোকে মাছ ধৰাৰ কাম কৰে আৰু এয়াই তেওঁলোকৰ জীৱিকাৰ প্ৰথম উৎস।
৬০ বছৰীয়া মাছমৰীয়া চি পিচাইয়ে তিৰুনেলভেলী, ৰাজপলায়ম, টেংকাছি, কৰাইকুড়ী, দেৱকোট্টাই আদি ঠাইৰ বিলত মাছ ধৰিবলৈ দূৰ-দূৰণিলৈ গৈছিল। দহ বছৰ বয়সতে তেওঁ দেউতাকৰ পৰা মাছ ধৰা শিকিছিল আৰু প্ৰায়েই দেউতাকৰ লগত মাছ মাৰিবলৈ গৈছিল, কেতিয়াবা মাছ ধৰিবৰ বাবেই তেওঁলোকে সেই ঠাইসমূহত কেবাদিনো ধৰি থাকিও লৈছিল।
“আমি বছৰত ছমাহ মাছ ধৰো। সেই ছমাহত আমি ধৰা মাছবোৰ বিক্ৰী কৰি বাকী থকা মাছবোৰ শুকুৱাই লওঁ যাতে বছৰটোৰ বাকী দিনবোৰতো আমাৰ উপাৰ্জন হৈ থাকে,” পিচায়েই কয়।
তেওঁ কয় যে পৰ্যাপ্ত বৰষুণ পালেই বোকামাটিত সোমাই পৰা কণীবোৰৰ পৰাই থলুৱা মাছবোৰ উৎপন্ন হয়। তেওঁ কয়, '‘কেলুঠি, কোৰভা, ভাৰা, পাম্পুপিডি কেন্দাপুডি, ভেলিচি আদি থলুৱা মাছ এতিয়া আগৰ দৰে পাবলৈ নাই। পথাৰত ব্যৱহাৰ কৰা কীটনাশকৰ পৰা প্ৰদূষিত পানী বিললৈ যায়। এতিয়া সকলো মাছৰে কৃত্ৰিমভাৱে প্ৰজনন কৰা হয় আৰু কৃত্ৰিম খাদ্য প্ৰদান কৰা হয়, ফলত বিলৰ পানী আগৰ দৰে হৈ থকা নাই।”
মাছ ধৰাৰ সুবিধা নথকা সময়ত পিচাইয়ে স্থানীয় ভাষাত নুৰ নল পানী নামে জনাজাত এনৰেগা (ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আইন)ৰ অধীনত খাল খন্দা আদিৰ দৰে কামত শ্ৰমিক হিচাপে কাম কৰে।


হাতত শ’ল মাছ লৈ থকা অৱস্থাত চি পিচাই (বাওঁফালে) ৱাই পুডুপট্টি অঞ্চলৰ গাঁৱৰ এগৰাকী সন্মানীয় মাছমৰীয়া। তেওঁ জনোৱা মতে এতিয়া জালত আগৰ দৰে আৰা, কেন্দাই, ওথাই কেন্দাই, থাৰ কেন্দাই, কল্পসী আদি জাতৰ থলুৱা মাছ নুঠে (সোঁফালে)
আন এজন মাছমৰীয়া ৩০ বছৰীয়া মক্কায়ো মাছ ধৰাৰ বতৰ শেষ হোৱাৰ পিছত দৈনিক মজুৰিৰ কাম কৰিবলগীয়াত পৰে। তেওঁৰ পত্নীয়ে এখন হোটেলত কাম কৰে আৰু তেওঁলোকৰ দুই সন্তানৰ এটিয়ে তৃতীয় আৰু আনটোৱে দ্বিতীয় শ্ৰেণীত পঢ়ি আছে।
শৈশৱতেই মাতৃহাৰা হৈ পৰা মক্কাক আইতাকে ডাঙৰ-দীঘল কৰিছিল। তেওঁ কয়, “মই পঢ়া-শুনা কৰিবলৈ ভাল নাপাইছিলো আৰু পথাৰত কাম কৰিবলৈ আৰম্ভ কৰিছিলো আৰু আন সৰু-সুৰা কামবোৰ কৰিছিলো। কিন্তু মই মোৰ সন্তানক পঢ়ুৱাব বিচাৰো যাতে তেওঁলোকে ভাল চাকৰি পায়।"
*****
মালকালইয়ে হাতেৰে মাছ ধৰা জাল বয়। তেওঁ পূৰ্বপুৰুষৰ পৰা এই বিদ্যা আয়ত্ব কৰিছিল। ৩২ বছৰীয়া মালাকালাইয়ে কয়, ‘'কেৱল আমাৰ ওঠাকদৈ গাঁৱত আমি এতিয়াও হাতেৰে বোৱা জালেৰে মাছ ধৰো। আজিৰ জালবোৰ আমাৰ ককাদেউতাহঁতৰ দিনৰ জালতকৈ বহুত বেলেগ। ককাদেউতাহঁতে নাৰিকল গছৰ পৰা আঁহ উলিয়াই তাৰে জাল বৈছিল। তেওঁলোকে জাল ববলৈ ক’ক’ ঘাঁহ (কয়ৰ) বিচাৰি গৈছিল, যি নেকি আমাৰ গাঁৱত অতি মূল্যৱান আছিল। আন ঠাইলৈ মাছ মাৰিবলৈ যাওঁতে মানুহে সেয়া লগত লৈ গৈছিল।’’
“মাছ আৰু মাছ ধৰাটো আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু আমাৰ গাঁৱত বহুতো মাছমৰীয়া আছে। এজন পাকৈত মাছমৰীয়াৰ মৃত্যু হ’লে গাঁৱৰ মানুহে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ জুইকুৰাৰ পৰা বাঁহৰ কামি উলিয়াই সেয়া নতুন জালৰ ভেটি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰে। এইদৰে তেওঁক সন্মান প্ৰদান কৰা হয়। আমাৰ গাঁৱতো এই প্ৰথা অব্যাহত আছে,’’ তেওঁ কয়।


বাঁওফালেঃ পানীৰ পৰা মাছ ধৰা জাল উঠোৱাত ব্যস্ত মালকালই (বাঁও) আৰু সিংগম (সোঁ)। সোঁফালেঃ মাছমৰীয়াসকলে মাছ ধৰা জাল উঠাবৰ বাবে পানীত ডুব মাৰিবলগীয়া হয়
আমাৰ ইয়াৰ মানুহে পানী দেখিয়েই ক’ত কিমান মাছ আছে সেয়া কৈ দিব পাৰে। তেওঁলোকে হাতত এচলু পানী লয় আৰু সেয়া চাই যদিহে পানীখিনি ঘোলা দেখে তেন্তে ডাঙৰ আছে বুলি অনুমান কৰে। যদিহে পানী একেবাৰে ফটফটীয়া হৈ থাকে তেন্তে মাছ কম থাকে।
মাছ ধৰাৰ বাবে আমি মাদুৰাই জিলাৰ চাৰিওফালে তোন্দি, কৰাইকুডি, আনকি কন্যাকুমাৰীৰ সমুদ্ৰতট পৰ্যন্ত যাও। আমি তেনকাছিৰ আটাইবোৰ জলাশয় আৰু বান্ধলৈকে গৈছিলো। মাজে মাজে আমি ৫-১০ টন পৰ্যন্ত মাছ ধৰিছিলো। আমি ধৰা মাছৰ আকাৰ যিয়েই নহওক কিয় উপাৰ্জন একেই থাকিছিল।
মাদুৰাইত এসময়ত ২০০ ৰো অধিক জলাশয় আছিল, কিন্তু নগৰীকৰণৰ ধামখুমীয়াত পৰি সেইবোৰ হেৰাই গ’ল। সেয়ে এতিয়া আমি মাছ ধৰিবলৈ আন ঠাইলৈ যাবলগীয়া হৈছে। জলাশয়বোৰ নাইকিয়া হৈ যাবলৈ লোৱাৰ লগে লগে আমাৰ দৰে পৰম্পৰাগতভাৱে মাছ ধৰা মাছমৰীয়াসকলৰ জীৱনলৈ একপ্ৰকাৰ অমানিশা নামি আহিছে। মাছৰ ব্যৱসায়তো ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে।
''মোৰ দেউতাৰ তিনিগৰাকী ভাই-ভনী আছিল আৰু মোৰো তিনিগৰাকী ভাই-ভনী। আমি আটাইয়েই মাছ ধৰো। মোৰ বিয়া হৈছে আৰু মোৰ তিনিজনী ছোৱালী আৰু এজন ল’ৰা। আমাৰ গাঁৱৰ নতুন প্ৰজন্মই আজিকালি স্কুল-কলেজলৈ যায় যদিও তেওঁলোকেও মাছ ধৰিবলৈ ভাল পায়। স্কুল-কলেজৰ পৰা আহি সময় পালেই তেওঁলোকে মাছ ধৰিবলৈ ওলাই আহে।’’

মাদুৰাইত জৱাহৰলালপুৰম অঞ্চলৰ চিন্না কম্মা (সৰু বিল)ৰ পাৰ , ইয়াৰ পাৰেৰেই লেখকে মাছ কিনিবলৈ গৈছিল


(বাওঁফালে) স্থানীয় মাছমৰীয়াসকলে জনোৱামতে বান্ধৰ পৰা পানী এৰি দিলে নৈ পানীৰে উপচি পৰে। (সোঁফালে) ৱাই পুদুপট্টি গাঁৱৰ কে চি পিচাই মাছ ধৰা কৌশলৰ বাবে বিখ্যাত

উত্তৰ মাদুৰাইৰ কুন্নাথুৰত থকা বিলত মাছ ধৰিবলৈ সাজু হৈছে মাছমৰীয়াসকল। মাছধৰা আৰু অহা-যোৱাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী কঢ়িয়াই নিবলৈ মিনি ট্ৰাক ভাড়ালৈ লয়

মাদুৰাইৰ জৱাহৰলালপুৰমত থকা বৃহৎ বিলখনত মাছমৰীয়াসকলে অধিক মাছ ধৰাৰ আশাৰে ঘূৰি ফুৰে

তেওঁলোকে জলাশয়ৰ গভীৰলৈ গৈ মাছ ধৰা জাল পেলায়

মাছমৰীয়াসকলে অধিক মাছ ধৰিবলৈকে দ ’ পানীত লৰচৰ কৰে

জৱাহৰলালপুৰমৰ ডাঙৰ বিলত মাছমৰীয়াইপানীৰ পৰা জাল টানিছে । মক্কাই (একেবাৰে বাওঁফালে) কয় যে বিলখনৰ তলত শিল আৰু কাঁইট আছে। ' কাঁইটে বিন্ধিলে আমি ভালদৰে খোজ কাঢ়িবও নোৱাৰিম, সেইবাবেই জাল পেলোৱাৰ সময়ত আমি বহুত সাৱধান হ ’ বলগীয়া হয় ’

কুন্নাথুৰৰ এটি জলাশয়ত জাল পাৰলৈ টানিছে মাছমৰীয়াসকলে

মাছমৰীয়াসকলে জালত মাছ লাগিলে জালখন কম পানীলৈ লৈ যায় , য ’ ত মাছ ধৰিবলৈ আৰু থবলৈ সুবিধা হয়


হাতত কাটলা মাছ লৈ থকা অৱস্থাত চি পিচাই (বাওঁফালে)। ৰমনে (সোঁফালে) নিজে ধৰা কাটলা মাছ দেখুৱাইছে

এম মাৰুধু মল্লুৱে ৰৌ মাছ ধৰিছে

মাছবোৰ সতেজ কৰি ৰাখিবলৈ মাছমৰীয়াসকলে এনেকৈ পাৰত ৰাখে। ইয়াৰ পৰা সন্ধিয়া বজাৰত বিক্ৰী কৰিবলৈ লৈ যায়

জৱাহৰলালপুৰমৰ ডাঙৰ বিলত দেখা পোৱা চৰাইবোৰৰ ভিতৰত পানীকাউৰী অন্যতম

কুন্নাথুৰ বিলৰ ওচৰৰ পাহাৰত বহি মাছমৰীয়াসকলে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছে

ঘৰলৈ যোৱাৰ পথত মাছমৰীয়াসকলে নিজৰ মাছ ধৰা জালবোৰ মেৰিয়াই লয় যাতে সেয়া কঢ়িয়াই নিবলৈ সহজ হয়

মাছমৰীয়াসকলে পাৰলৈ নাও ঠেলিছে। মাছভৰ্তি নাওখন গধুৰ হৈ আছে

নাৱৰ পৰা মাছ উলিয়াই আন জিলাত বিক্ৰী কৰিবলৈ নিবৰ বাবে মাছমৰীয়াসকলে বৰফৰ বাকচত মাছ ভৰাইছে

মাদুৰাইত এসময়ত প্ৰায় ২০০ টা জলাশয় আছিল যদিও দ্ৰুত নগৰীকৰণৰ বাবে শ শ লোকৰ জীৱিকাৰ উৎস এই জলাশয়বোৰ এতিয়া নাইকিয়া হৈ পৰিছে

কুন্নাথুৰৰ মাছমৰীয়াসকলে মাছ ভৰ্তি বৰফৰ বাকচ ট্ৰাকত ভৰাই বজাৰলৈ নিবলৈ সাজু কৰিছে

মাছমৰীয়াৰ পৰা পোনপটীয়াকৈ মাছ ক্ৰয় কৰিবলৈ জৱাহৰলালপুৰমৰ ডাঙৰ বিলৰ সমীপত হাতত বস্তা লৈ থকা অৱস্থাত স্থানীয় মাছ বিক্ৰেতাসকল

মাছ ধৰাৰ বতৰ শেষ হোৱাৰ লগে লগে পানী শুকাবলৈ আৰম্ভ কৰে আৰু মাছমৰীয়াসকলে বিলৰ বাকী থকা পানী সিঁচি কৰাৱা আৰু ভেৰাল মাছ ধৰে

কোড়িকুলামত পানী শুকাই গৈছে যদিও সৰু বিলখনত এতিয়াও মাছ আছে

মাদুৰাইত পোৱা আটাইতকৈ সোৱাদযুক্ত থলুৱা মাছ উলুৱা

কল্লান্ধিৰি গাঁৱত উৎসৱৰ সময়ত এটি পৰিয়ালে নিজে ধৰা মাছ
এনেকৈ প্ৰদৰ্শন কৰিছে
অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি